পুনৰ ৰক্তাক্ত কাশ্মীৰ! সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ ৩ জোৱান

পুনৰ ভূস্বৰ্গ কাশ্মীৰত সংঘটিত হ’ল সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনা। বৃহস্পতিবাৰে পুঞ্চত সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ হয় ৩ গৰাকী ভাৰতীয় সেনাৰ জোৱান। জানিব পৰা মতে, পুঞ্চত সন্ত্ৰাসবাদীয়ে হঠাতে সেনাৰ ট্ৰাকত গুলীচালনা কৰে। এই গুলীবৰ্ষণত গুৰুতৰভাৱে আহত জোৱানক উদ্ধাৰৰ বাবে বিশেষ বাহিনী প্ৰেৰণ কৰা হয়। কিন্তু চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে তিনি গৰাকী জোৱানৰ। মন কৰিবলগীয়া যে ২০১৯ চনত পুলৱামা আক্ৰমণত ৪০ জন লোক শ্বহীদ হৈছিল।

সেনাৰ সূত্ৰ অনুসৰি পুঞ্চৰ ডেৰা কী গলি অঞ্চলত বুধবাৰে নিশাৰ পৰা সন্ত্ৰাসবাদীৰ সৈতে সংঘৰ্ষ আৰম্ভ হয়। বৃহস্পতিবাৰে বিয়লি সন্ত্ৰাসবাদীয়ে নিৰ্বিচাৰে সেনাবাহিনীৰ দুখন ট্ৰাকত গুলীচালনা আৰম্ভ কৰে। আহত জোৱানসকলৰ লগত যোগাযোগ কৰাটো কাৰ্যতঃ অসম্ভৱ হৈ পৰিল। অৱশেষত বহু চেষ্টাৰ অন্তত আহত জোৱানসকলৰ ওচৰ পায়হি এম্বুলেন্সখন। কিন্তু শেষৰ কোনো প্ৰতিৰক্ষা নাছিল। তিনিজন সেনা জোৱানৰ মৃত্যুৰ খবৰ ভাৰতীয় সেনাই প্ৰকাশ কৰে।

ইফালে শুকুৰবাৰৰ দিনটোতো পুঞ্চত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ অব্যাহত থকা বুলি জানিব পৰা গৈছে। ইতিমধ্যে পুঞ্চলৈ অতিৰিক্ত বাহিনী প্ৰেৰণ কৰা হৈছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *