পুনৰ জ্বলিছে মণিপুৰ! বিগত ৩ দিনত আৰক্ষী জোৱানসহ মৃত্যু ৭ জনৰ

69

বিগত কিছুদিন শান্তিৰ পৰিৱেশ সৃষ্টি হোৱাৰ পিছত পুনৰ হিংসাৰ জুইত জ্বলি উঠিছে উত্তৰ-পূবৰ ৰাজ্য মণিপুৰ। ৰাজ্যখনত শেহতীয়াকৈ সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতিত এতিয়ালৈকে প্ৰাণ হেৰুৱাইছে আৰক্ষী জোৱানসহ ৭ জনকৈ লোকে। ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাই ১৪ জানুৱাৰীত থৌবালৰ পৰা আৰম্ভ হৈ মণিপুৰ এৰাৰ পিছতে সৃষ্টি হৈছে এই হিংসাত্মক পৰিস্থিতিৰ।

১৬ জানুৱাৰীৰ পৰা মণিপুৰৰ টেংগনৌপাল, থৌবাল, বিষ্ণুপুৰ, ইম্ফল পশ্চিম জিলাৰ মাজত সংঘটিত সংঘৰ্ষত দুজন আৰক্ষীকে ধৰি সাতজন ব্যক্তিয়ে প্ৰাণ হেৰুৱাইছে। তদুপৰি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত সংঘটিত হিংসাত্মক ঘটনাত সীমান্ত সুৰক্ষা বাহিনীৰ তিনিজন জোৱানকে ধৰি কমেও এক ডজন লোক আহত হয়।

ৰাজ্যখনৰ এই হিংসাত্মক পৰিস্থিতিৰ পিছতে ১৯ জানুৱাৰীত মেইটেই গোটৰ মিত্ৰজোঁট মণিপুৰ অখণ্ডতা সমন্বয় সমিতি (COCOMI)ৰ এটা প্ৰতিনিধি দলে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙক সাক্ষাৎ কৰি সতৰ্কবাণী জাৰি কৰি অসামৰিক আৰু নিৰাপত্তা বাহিনীৰ হতাহতিৰ বাবে দায়ীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনায়।

কোকমিৰ সমন্বয়ক জীতেন্দ্ৰ নিংগোম্বাই আক্ৰমণ বৃদ্ধি পোৱাৰ বাবে উদ্বেগ প্ৰকাশ কৰি দৃশ্যমান ব্যৱস্থা গ্ৰহণৰ দাবী জনায়, বিশেষকৈ ম্যানমাৰৰ পৰা চীন-কুকি সন্ত্ৰাসবাদীয়ে অস্ত্ৰ সৰবৰাহ কৰা বুলি অভিযোগ উত্থাপন কৰে তেওঁ। নিংগোম্বাই কয়, ‘যোৱা কেইদিনমানৰ পৰা মৰেহ আৰু অন্যান্য ঠাইত আমাৰ মানুহৰ ওপৰত আক্ৰমণ বৃদ্ধি পাইছে। আমি মুখ্যমন্ত্ৰীৰ সৈতে এইবোৰৰ বিষয়ে বিতংভাৱে আলোচনা কৰিলোঁ আৰু ম্যানমাৰৰ পৰা অবৈধভাৱে অস্ত্ৰ অনা চীন-কুকি সন্ত্ৰাসবাদীক লক্ষ্য কৰি লোৱাৰ দৰে চৰকাৰৰ ফালৰ পৰা কিছু দৃশ্যমান ব্যৱস্থা লোৱাৰ দাবী জনালোঁ। মণিপুৰৰ পৰিস্থিতিক লৈ কেন্দ্ৰই যেন আমনি কৰা নাই। আমি মুখ্যমন্ত্ৰীক কেন্দ্ৰীয় চৰকাৰক স্থল পৰিস্থিতিৰ বিষয়ে বুজাবলৈ ক’লোঁ যাতে কেন্দ্ৰীয় চৰকাৰে এই হিংসাত্মক পৰিস্থিতিৰ অন্ত পেলোৱাৰ বাবে পদক্ষেপ গ্ৰহণ কৰে। যদি তেওঁলোকে তেনে কৰিব নোৱাৰে তেন্তে আমি মাত মাতিবলৈ বা আন্দোলন কৰিবলৈ বাধ্য হ’ম।’

একে সময়তে খিলঞ্জীয়া জনজাতি নেতা মঞ্চ (আই টি এল এফ) নামৰ এটা উল্লেখযোগ্য কুকি গোটে ৰাজ্য চৰকাৰক মেইটেইসকলক সমৰ্থন কৰাৰ অভিযোগ উত্থাপন কৰি সতৰ্কবাণী জাৰি কৰে। শেহতীয়াকৈ টেংগন’পালৰ ম’ৰেহত নিৰাপত্তা বাহিনীক আক্ৰমণ আৰু যোৱা বছৰ এজন আৰক্ষী বিষয়াৰ হত্যাকাণ্ডৰ সৈতে জড়িত দুজন কুকি ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ পিছতে হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়।

‘আমাৰ দাবী চৰকাৰে বিবেচনা কৰা নাছিল। কেৱল মেইটেইসকলৰ পক্ষত থকা একপক্ষীয় সাম্প্ৰদায়িক চৰকাৰখনক আমি কুকি-জো অঞ্চলত কাম কৰিবলৈ নিদিওঁ। এই প্ৰক্ৰিয়াত সংঘটিত হ’ব পৰা যিকোনো অপ্ৰিয় কাণ্ডৰ বাবে চৰকাৰ একমাত্ৰ দায়ী হ’ব।’-আইটিএলএফৰ জাননীখনত কোৱা হৈছে।

ইম্ফল উপত্যকাৰ মেইটেই সংখ্যাগৰিষ্ঠ আৰু পাহাৰীয়া জিলাত প্ৰধান কুকি-জো সম্প্ৰদায়ৰ মাজত ২০২৩ চনৰ মে’ মাহৰ পৰা চলি থকা জাতিগত হিংসাৰ ফলত কমেও ২০৭ জন লোকৰ প্ৰাণহানি হোৱাৰ লগতে প্ৰায় ৫০ হাজাৰ ব্যক্তিয়ে স্থানচ্যুত হৈছে।

১৭ জানুৱাৰীৰ নিশা আৰু ১৮ জানুৱাৰীৰ পুৱা মণিপুৰৰ কেইবাখনো জিলাৰ মাজেৰে বিয়পি পৰা সতেজ হিংসাত্মক ঘটনাত ৫ জন সাধাৰণ নাগৰিক নিহত হয়, আৰু তিনিজন বি এছ এফৰ জোৱান আহত হয়। টেংগন’পালত আৰক্ষী জোৱানৰ ওপৰত আক্ৰমণ চলোৱাৰ পিছতে দুদিনত ৭ জন লোকৰ মৃত্যু আৰু ৯ জন আহত হয়।

ৰাজ্যিক নিৰাপত্তা উপদেষ্টা কুলদীপ সিঙে মৰেহত হিংসাত্মক পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে যৌথ অভিযান চলি থকাৰ আশ্বাস দি এদিন বা দুদিনৰ ভিতৰত পৰিস্থিতি মোকাবিলা কৰাৰ আশা প্ৰকাশ কৰে।