পুনৰ এনকাউণ্টাৰ, ধুবুৰীত আৰক্ষীৰ গুলীত আহত গৰু সৰবৰাহকাৰী

ৰাজ্যত পুনৰ সংঘটিত হৈছে এনকাউণ্টাৰৰ ঘটনা। শনিবাৰে ধুবুৰী জিলাৰ তামাৰহাটৰ ধুতুৰামাৰী গাঁৱত গৰু সৰবৰাহৰ সময়তে আৰক্ষীয়ে চলোৱা অভিযানৰ সময়ত পলায়নৰ চেষ্টা চলায় গুলীবিদ্ধ হয় এজন গৰু সৰবৰাহকাৰী।

প্ৰাথমিক খবৰ অনুসৰি আহত গৰু সৰবৰাহকাৰীজনক তামাৰহাটৰ পোকলাগী গাঁৱৰ চৈয়দ আলী বুলি চিনাক্ত কৰা হৈছে। আন দুজন সহযোগীৰ সৈতে গৰু লৈ পলায়নৰ চেষ্টা চলোৱাৰ সময়তে আৰক্ষীৰ গুলীত আহত হয় চৈয়দ আলী।

ইফালে আন দুজন সহযোগী ক্ৰমে অসম-বংগ সীমান্তৰ কুকিলাডাঙাৰ মিজানুৰ ৰহমান আৰু আলমগঞ্জৰ অষ্টমী চৰৰ চাহাবৰ পৰমণিকক আটক কৰে আৰক্ষীয়ে।

আৰক্ষীয়ে চোৰাং ব্যৱসায়ৰ বাবে ব্যৱহাৰ কৰা AS16 K-6727 (Waganor) আৰু AS17 C-2518 (Bolero Pick up) নম্বৰৰ দুখন বাহনো জব্দ কৰে।

গুলীবিদ্ধ গৰু সৰবৰাহকাৰীজনক ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় যদিও পৰৱৰ্তী সময়ত সংকটজনক অৱস্থাত বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *