পিডছে নিজৰ ষ্টাৰ্ট-আপ কাৰ্যসূচী ‘ৱমেনপ্ৰেনিয়ৰ্ছ ফৰ ভাৰত ১.০’ শুভাৰম্ভৰ কথা ঘোষণা কৰিছে

বিআইটিএছ পিলানিৰ টেকন’লজী বিজনেছ ইনকিউবেটৰ পিলানি ইনোভেচন এণ্ড এণ্টাৰপ্ৰেনিয়ৰশ্বিপ ডেভেলপমেণ্ট ছচায়িটী(পিআইইডিএছ)য়ে ৱমেন এণ্টাৰপ্ৰেনিউৰশ্বিপ প্লেটফৰ্ম(ডব্লিউইপি)ৰ সৈতে অংশীদাৰিত্বৰে নিজৰ ষ্টাৰ্ট-আপ কাৰ্যসূচী ‘ৱমেনপ্ৰিনিয়ৰ্ছ ফৰ ভাৰত ১.০’ আৰম্ভ কৰিছে আৰু এই পদক্ষেপক আদিত্য বিৰলা কেপিটেল লিমিটেডৰ চিএছআৰ শাখা আদিত্য বিৰলা কেপিটেল ফাউণ্ডেচনে সমৰ্থন জনাইছে। এই কাৰ্যসূচীৰ মেণ্টৰ বা পৰামৰ্শদাতা ৰূপে ৰাজশ্ৰী বিৰলা, বিশাখা মুলে, ড০ প্ৰজ্ঞা ৰাম আৰু শুভ্ৰ ভাদুৰিয়ে পৰিষদৰ সঞ্চালকৰ দায়িত্বত আছে. ইয়াৰ জৰিয়তে বিটছ পিলানিত মহিলা উদ্যোগীসকলক সহায় কৰাৰ লক্ষ্য বান্ধি লোৱা হৈছে।

অৰুণাচল প্ৰদেশ চৰকাৰ আৰু মহিলা উদ্যোগী মঞ্চ(ডব্লিউইপি)ৰ দ্বাৰা যুটীয়াভাৱে আয়োজন কৰা ‘উদ্যোগীকৰণৰ জৰিয়তে মহিলা নেতৃত্বাধীন উন্নয়ন সক্ষম কৰা’ শীৰ্ষক ৰাজ্যিক কৰ্মশালাত ভৱিষ্যতৰ বাবে অংশীদাৰিত্বৰ কথা ঘোষণা কৰিছে। ‘ৱমেনপ্ৰেনিয়ৰ্ছ ফৰ ভাৰত ১.০’ৰ লক্ষ্য হৈছে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল, ৰাজস্থান, হাৰিয়ানা আৰু জম্মু-কাশ্মীৰৰ টায়াৰ ২/৩/৪ চহৰৰ বাবে/চহৰৰ পৰা সমাধানৰ পথ সৃষ্টি কৰা মহিলা উদ্যোগীসকলক পুঁজি আৰু ইনকিউবেচন সহায় প্ৰদান কৰা। এই কাৰ্যসূচীয়ে ৰাষ্ট্ৰসংঘৰ এছডিজি অঞ্চলসমূহত কাম কৰা আৰু সেই অঞ্চলসমূহৰ ব্যৱসায়িক বা সমাজৰ প্ৰত্যাহ্বানসমূহ সমাধান কৰা লাভজনক আৰু অলাভজনক মহিলা নেতৃত্বাধীন ষ্টাৰ্ট-আপ দুয়োটাকে সামৰি ল’ব।

এই পদক্ষেপৰ বিষয়ে মন্তব্য কৰি আদিত্য বিৰলা কেপিটেল ফাউণ্ডেচনৰ সঞ্চালক আৰু আদিত্য বিৰলা কেপিটেল লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া বিশাখা মুলেই কয় যে, ” ‘ৱমেনপ্ৰেনিয়ৰ্ছ ফৰ ভাৰত ১.০’ৰ জৰিয়তে আমি দেশৰ মহিলা উদ্যোগীসকলৰ বিকাশৰ বাবে এখন মঞ্চ প্ৰদান কৰাৰ লক্ষ্য ৰাখিছোঁ, ইয়াৰ অধীনত যিসকল লোকে উদ্ভাৱনী সমাধানৰ জৰিয়তে বৃহৎ সংখ্যক কম সেৱা লাভ কৰা ভাৰতীয়ক প্ৰভাৱিত কৰাৰ সম্ভাৱনা আছে।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *