পাটনাৰ জয় প্ৰকাশ নাৰায়ণ বিমানবন্দৰত বোমাতংক।
অচিনাকি ভাবুকি লাভ কৰাৰ পিছতে বিমানবন্দৰত অনুসন্ধান অভিযান আৰক্ষী আৰু বোমা স্কোৱাডৰ।
অৱশ্যে কোনো ধৰণৰ ব্যাঘাত নোহোৱাকৈ অব্যাহত আছে বিমান সেৱা।
ইয়াৰ পূৰ্বে দিল্লীৰ এখন ব্যক্তিগত বিদ্যালয়ে মেইলযোগে বোমাৰ ভাবুকি লাভ কৰিছিল আৰু তাৰ পিছত চৌহদটো খালী কৰি তালাচী অভিযান চলাইছিল আৰক্ষীয়ে।
সম্প্ৰতি বিদ্যালয় চৌহদৰ ভিতৰত তালাচী অব্যাহত ৰাখিছে আৰক্ষীয়ে।