পাকিস্তানৰ পেছাৱাৰৰ পুলিচ লাইনচ এলেকাত এটা ভয়ংকৰ বিস্ফোৰণ খবৰ পোৱা গৈছে।
বিস্ফোৰণটো এটা মছজিদত হোৱা বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে সোমবাৰে দুপৰিয়া মছজিদত প্ৰাৰ্থনাৰ কৰি থকা সময়ত এটা বিস্ফোৰণ হয় য’ত বহু লোক আহত হয়।
তথ্য অনুসৰি এই বিস্ফোৰণটো আত্মঘাটি বিস্ফোৰণ আছিলে।
য’ত ৫০ জনৰো অধিক লোক আহত হৈছে।
আহত সকলক পেছাৱাৰৰ এখন হস্পিটেলত ভৰ্তি কৰোৱা হৈছে।
আৰক্ষীয়ে দিয়া তথ্য আত্মঘাতী বোমাৰুজনে প্ৰাৰ্থনাৰ সময়ত সাধাৰণ লোক সকলৰ সন্মুখৰ শাৰীতে আছিল।
আৰু সেই সময়তে তেওঁ বিস্ফোৰণটো সংঘটিত হৈছিল।
চিকিৎসকে জানিবলৈ দিয়া মতে আহতসকলৰ ১৩ জনৰ অৱস্থা অতি সংকটজনক।