পাকিস্তানত ৰে’লৰ ভিতৰত ভয়ংকৰ বিস্ফোৰণ, কমেও দুজনৰ মৃত্যু

পাকিস্তানত ভয়ংকৰ দুৰ্ঘটনা।

বৃহস্পতিবাৰে কোৱেটালৈ যোৱা জাফৰ এক্সপ্ৰেছত সংঘটিত হয় এক বিস্ফোৰণৰ ঘটনা।

বিস্ফোৰণটোত কমেও দুজন যাত্ৰী নিহত হয় আৰু আন চাৰিজন আহত হৈছে।

কোৱেটা অভিমুখী জাফৰ এক্সপ্ৰেছ চিচাৱাটনি ৰেল ষ্টেচনৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়তে এই বিস্ফোৰণটো সংঘটিত হয়। জাফৰ এক্সপ্ৰেছ পেছাৱাৰৰ পৰা আহি আছিল। জাফৰ এক্সপ্ৰেছৰ ইকনমি ক্লাছৰ ৬ নং ডবাত বিস্ফোৰণটো সংঘটিত হৈছে ।

ফলস্বৰূপে, দুজন লোকৰ মৃত্যু হয় আৰু কমেও চাৰিজন লোক আহত হয়। আহত সকলক ততাতৈয়াকৈ ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। সূত্ৰঅনুসৰি, বিস্ফোৰণৰ কাৰণ এতিয়াও জানিব পৰা নাই। বিস্ফোৰণটো কেনেকৈ সংঘটিত হৈছিল আৰু কোনে কৰিছিল তাকে লৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *