পশ্চিম গুৱাহাটীৰ পৌৰ নিগম এলেকাৰ ১০ নং ৱাৰ্ডৰ পাহাৰীয়া অঞ্চল হিচাপে পৰিচিত বৰাগাঁওৰ কৃষ্ণপুৰীৰ প্ৰায় ১৭৭ টা পৰিয়ালৰ অৱশেষত বিশুদ্ধ খোৱাপানীৰ অভাৱ দূৰ কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । বিধায়ক কলিতাৰ তৎপৰতাত ১৭৭ টা পৰিয়ালে এতিয়াৰে পৰা আৰু গাঁঠিৰ ধন ভাঙি অধিক দামত আৰু পানী ক্ৰয় কৰি খৰশ্ৰান্ত হব নালাগে । কিয়নো আজিৰে পৰা কৃষ্ণপুৰীৰ ১৭৭ টা পৰিয়ালৰ বাবে অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গুৱাহাটী উপ সংমণ্ডলৰ ফালৰ পৰা স্ব- অগ্ৰাধিকাৰ পুঁজি চমুকৈ এছ অ পি ডিৰ ৯৩.২৯ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰা পাইপেৰে খোৱাপানী যোগান আঁচনিখনৰ শুভাৰম্ভ কৰা হয় । মাংগলিক কাৰ্যৰ মাজেৰে আচঁনিখনৰ শুভাৰম্ভ কৰে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । এই উপলক্ষে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গুৱাহাটী উপ সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা অংকুৰ চৌধুৰীৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কয় পশ্চিম গুৱাহাটীৰ নগৰাঞ্চল – গ্ৰামাঞ্চলৰ সকলো বাসিন্দাই যাতে বিশুদ্ধ খোৱাপানীটুপি লাভ কৰে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে । ইয়াৰ অংশ হিচাপে সমষ্টিটোৰ খোৱাপানীৰ অভাৱ থকা অঞ্চল সমূহ চিনাক্ত কৰি অগ্ৰাধিকাৰ ভিত্তিত সেই অঞ্চল সমূহত খোৱাপানী যোগানৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে । সেই পদক্ষেপৰ অংশহিচাপে মাত্ৰ তিনি মাহৰ ভিতৰতে কৃষ্ণপুৰীত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জৰিয়তে পাইপেৰে পানী যোগান আঁচনিখনৰ কাম সম্পূৰ্ণ কৰি ৰাইজক পানীৰ যোগান ধৰি এটা বহুদিনীয়া অভাৱ পূৰণ কৰা বুলি বিধায়ক কলিতাই সদৰি কৰে । অনুষ্ঠানত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গুৱাহাটী সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা জয়ন্ত মজুমদাৰ , অগপৰ কেন্দ্ৰীয় কমিটিৰ সম্পাদক সুভাষ শৰ্মা , গুৱাহাটী পৌৰ নিগমৰ ১০ নং ৱাৰ্ডৰ পাৰিষদ কল্পনা দাস , ১২ নং ৱাৰ্ডৰ পাৰিষদ দীপাংকৰ দাস , প্ৰাক্তন পাৰিষদত্ৰয় ভূপেন ঠাকুৰীয়া , দেৱজিৎ ৰাজবংশী আৰু ব্ৰজেন দাস , অগপৰ পশ্চিম গুৱাহাটী বিধান পৰিষদৰ সাধাৰণ সম্পাদক ৰবীন দৈমাৰী , অগপ নেতা ভূমিধৰ দাসকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে । উল্লেখযোগ্য যে খোৱাপানী যোগান আঁচনিখনৰ জৰিয়তে অঞ্চলটোৰ বাসিন্দা সকলে যাতে নিয়মীয়াকৈ পানী লাভ কৰে তাৰ বাবে এক লাখ লিটাৰ ক্ষমতাযুক্ত দুটা ৰিজাৰ্ভৰ নিৰ্মাণ কৰা হৈছে । ইয়াৰে পাহাৰৰ ওপৰত থকাটোৰ ধাৰণ ক্ষমতা হব ৬০ হাজাৰ লিটাৰ আৰু নামনিত থকাটোৰ ধাৰণ ক্ষমতা হব ৪০ হাজাৰ লিটাৰ । তেনেদৰে আচঁনিখনৰ পৰা পানী লাভ হিতাধিকাৰী মাজৰ পৰা চোৱাচিতা কৰাৰ বাবে এখন কমিটি গঠন কৰি দিয়া হৈছে ।
পশ্চিম গুৱাহাটীৰ ১০ নং ৱাৰ্ডৰ কৃষ্ণপুৰীত ঘৰে ঘৰে পানী যোগান আঁচনিৰ শুভাৰম্ভ
