পশ্চিম গুৱাহাটীত তিনিশৰো অধিক কংগ্ৰেছ দলৰ কর্মী – সমৰ্থকৰ অগপত যোগদান

সমস্যাই লগ নেৰা কংগ্ৰেছ দলত পুনৰ এক মোক্ষম আঘাট । বিশেষকৈ পশ্চিম গুৱাহাটীত কংগ্ৰেছ দলৰ কোনো ভৱিষ্যত আৰু দলটোৰ কোনো গুৰিয়াল নথকাৰ অভিযোগ কৰি সমষ্টিটোৰ গুৱাহাটী পৌৰ এলেকাৰ ১০ নং ৱাৰ্ডত কংগ্ৰেছ দলৰ নেতা মুকুট ডেকাৰ নেতৃত্বত দলটোৰ তিনিশৰো অধিক কর্মী – সমৰ্থকে ৮ জুনত অগপ দলত যোগদান কৰে । এই উপলক্ষে মালিগাঁও নামবাৰীত  অগপ নেতা ভূমিধৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত দলত যোগদান কৰা সকলক আদৰণি জনায় পশ্চিম গুৱাহাটীৰ বিধায়ক আৰু অগপৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । ভাষণ প্ৰসংগত বিধায়ক কলিতাই দলটোত যোগদান কৰা সকলোকে অগপৰ সাংগঠনিক দিশ শক্তিশালী কৰাৰ কামত নিজকে আত্মনিয়োগ কৰিবলৈ আহ্বান জনায় কয় সমগ্ৰ অসমতে  কংগ্ৰেছ দলৰ বেলিমাৰ গৈছে আৰু অসমসহ  উত্তৰ পূবত ইতিমধ্যে দলটোৱে মিউজিয়ামত স্থান লাভ কৰাৰ উপক্ৰম হৈছে । সভাত অগপৰ কেন্দ্ৰীয় সম্পাদক সুভাষ শৰ্মা , পশ্চিম গুৱাহাটী বিধান পৰিষদৰ সাধাৰণ সম্পাদক ৰবীন দৈমাৰী ,  গুৱাহাটী পৌৰ নিগমৰ পাৰিষদদ্বয় কল্পনা দাস আৰু দীপাংকৰ বৈশ্য  , প্ৰাক্তন পাৰিষদ ভূপেন ৰাজবংশী , অসম যুৱ পৰিষদৰ নেতা পংকজ দাসকে ধৰি কেবাজনো নেতাই ভাষণত স্বাধীনতাৰ পাছত অধিক সময়ে কংগ্ৰেছ দলটো শাসনত থকা স্বত্বেও  তেওঁলোকৰ বাংলাদেশী প্ৰীতিৰ বাবে ৮৫৫ জন অসমীয়া শ্বহীদ হবলগীয়া হোৱাকে ধৰি দলটোৰ বহু কু–কীৰ্তি দাঙি ধৰে । আনহাতে পদত্যাগী নেতা মুকুট ডেকাই অহা ভৱিষ্যতত অসম বা ভাৰতত কোনোদিনে কংগ্ৰেছ দল শাসনলৈ নাহে বুলি ব্যক্ত কৰি  অগপৰ দৰে আঞ্চলিক শক্তিৰ হাততহে অসমৰ ভৱিষ্যত সদায় সুৰক্ষিত হৈ থাকিব বুলি ব্যক্ত কৰে । উল্লেখযোগ্য যে ২০১৬  চনত কংগ্ৰেছ দলৰ বিধায়ক হেমন্ত তালুকদাৰে দলত্যাগ কৰাৰ পাছত পশ্চিম গুৱাহাটীত কংগ্ৰেছ দলটোৱে অস্তিত্বৰ সংকটত ভোগা বুলি ৰাজনৈতিক সমীক্ষক সকলে সদৰি কৰিছে ।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *