পশ্চিমবংগৰ একমাত্ৰ কংগ্ৰেছ বিধায়কৰ টিএমচিত যোগদান…

সাগৰদিঘী আসনৰ পৰা উপ নিৰ্বাচনত জয়ী হোৱাৰ কেইমাহমানৰ পাছতে পশ্চিম বংগৰ কংগ্ৰেছৰ একমাত্ৰ বিধায়ক বায়ৰন বিশ্বাসে দল ত্যাগ কৰি টিএমচিত যোগদান কৰে।

টিএমচিৰ চলি থকা ‘জন সংযোগ যাত্ৰা’ৰ সময়তে শাসকীয় দলটোত যোগদান কৰে বিধায়কজনে।

এই বিষয়ে টুইটযোগে অৱগত কৰি টিএমচিয়ে কয়, “বিজেপিৰ বিভাজন আৰু বৈষম্যমূলক ৰাজনীতিৰ বিৰুদ্ধে যুঁজিবলৈ আপোনাৰ সংকল্প শক্তিশালী কৰিবলৈ আপুনি সঠিক মঞ্চ বাছি লৈছে। একেলগে আমি জয়ী হ’ম!”

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *