৯ মে’ত উদযাপন হ’ব কবি ৰবিন্দ্ৰ নাথ ঠাকুৰৰ ১৬১ সংখ্যক জন্মজয়ন্তীঃ মহানগৰীৰ পল্টনবজাৰ বেংগলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগনত অহা ৯ মে’ তাৰিখে বিশ্বগুৰু কবি ৰবিন্দ্ৰ নাথ ঠাকুৰৰ ১৬১ সংখ্যক জন্মজয়ন্তী উদযাপন কৰা হ’ব ৷ ৰবীন্দ্ৰ জয়ন্তী উদযাপন সমিতিয়ে বৰ্নাধ্য কাৰ্য্যসূচীৰে উদযাপন কৰিব লগা কাৰ্য্যসূচীত বিভিন্ন নৃত্য ,কবিতা আবৃত্তি,ৰবীন্দ্ৰ সংগীত,কলা প্ৰতিযোগিতা আয়োজন কৰা হৈছে ৷ লগতে দেশপ্ৰেম আৰু ৰাষ্ট্ৰীয় একত্ৰিত কৰনৰ ধাৰনাৰে বিভিন্ন সাংস্কৃতিক কাৰ্য্যসূচী অনুষ্ঠিত হ’ব ৷ সমিতিৰ সাধাৰণ সম্পাদক ৰাজীব দাসে জানিবলৈ দিয়া অনুসৰি জন্মজয়ন্তী উদযাপন অনুষ্ঠান বিশিষ্ট অতিথি হিচাপে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য,সাংসদ কুইন ওঁজা, মেয়ৰ মৃগেন শৰনীয়া উপস্থিত থাকিব ৷৷উল্লেখ্য যে প্ৰতিযোগিতা অংশগ্ৰহণ কৰিব বিচৰা আগ্ৰহী প্ৰতিযোগীয়ে ৮০১১৪ -৫০২৭১ নম্বৰত আগতীয়াকৈ যোগাযোগ কৰিবলৈ অনুৰোধ জনায় ৷
পল্টন বজাৰত ৰবীন্দ্ৰ জয়ন্তী উদযাপনৰ ব্যাপক প্ৰস্তুতি
