মঙলবাৰে পলাশবাৰীত এগৰাকী বোৱাৰীক মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগত আটক কৰা হয় তিনিজনকৈ লোকক।
খবৰ অনুসৰি কামৰূপ জিলাৰ পলাশবাৰীত এগৰাকী মহিলাক যৌতুক বিচাৰি স্বামী আৰু শহুৰেকে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছে।
তদন্তৰ অন্তত আৰক্ষীয়ে আটক কৰে মহিলাগৰাকীৰ স্বামী সমীন দাস, শহুৰেক শুক্লেশ্বৰ দাস আৰু শাহুৱেক ৰাণু দাসক।
এই হাৰাশাস্তিৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছত এই ঘটনা পোহৰলৈ আহে।
জানিব পৰা মতে, মাত্ৰ ৬ দিন পূৰ্বে ভুক্তভোগী মহিলাগৰাকীয়ে এটি সন্তান প্ৰসৱ কৰিছিল।