পবিতৰা অভয়াৰণ্যত জলচৰ পক্ষীৰ গণনা সম্পন্ন

আজি পুৱা ৯ বজাৰ পৰা আৰম্ভ হোৱা পক্ষী গণনা কাৰ্য্য দুপৰীয়া ১২ বজাত সামৰণি পৰে।অভয়াৰণ্য খনত এইবাৰ  মুঠ ৫৬ টা প্ৰজাতিৰ ৮১৮৮ টা জলচৰ পক্ষী পোৱা গৈছে।পৰিভ্ৰমী পক্ষীৰ কলকাকলিৰে মুখৰিত হৈ থকা অভয়াৰণ্য খনত আজি জলচৰ পক্ষীৰ গণনা কাম আৰম্ভ কৰে বন বিভাগ আৰু প্ৰকৃতি প্ৰেমী সংগঠন আৰণ্যক ৰ কৰ্ম কৰ্তা সকলে।

এইবাৰ গণনাৰ কাম বহু পলম কৈ আৰম্ভ কৰাৰ বাবেও প্ৰকৃত তথ্য পাবলৈ সক্ষম নহল গণনা কাৰী দলটো।ডিচেম্বৰ বা জানুৱাৰীৰ প্ৰথম ভাগত গণনা কৰা হেতেন জলচৰ পক্ষীৰ অৱস্থিতি ৰ আচল ছবি এখন দেখা পোৱা গল হেতেন।আনহাতে অভয়াৰণ্য ৰ কিনাৰেদি যোৱা মায়ং কমাৰপুৰ চামতা সংযোগী ব্যস্ত পথত অত্যাধিক শব্দ প্ৰদূষণ সৃষ্টি কৰা গধুৰ যান বাহন চলাচল কৰা,অভয়াৰণ্য ৰ কাষতে ইটা ভাটা উদ্যোগ স্থাপন আদি আন কিছু কাৰকেও পৰিভ্ৰমী পক্ষীৰ আগমনত বাধা ৰ সৃষ্টি কৰিছে।

চলিত বৰ্ষত দেশী বিদেশী পৰ্যটকে তামুলী দোভা অঞ্চলত বিচৰণ কৰি থকা জলচৰ পক্ষীৰ নয়নাভিৰাম দৃশ্য মেটেকাৰ বাবে কেমেৰাত বন্দী কৰি ৰখাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হব লগা হৈছে।এই ক্ষেত্ৰত আগন্তুক দিনত বন বিভাগৰ ফালৰ পৰা বিজ্ঞান সন্মত ভাবে অভয়াৰণ্য খনত পানী সংৰক্ষণ ৰ ব্যৱস্থা নকৰিলে দিনক দিনে পৰিভ্ৰমী পক্ষীৰ আগমন হ্ৰাস পাই গৈ থাকিব।সময় থাকোতেই ইয়াৰ ব্যৱস্থা লবলৈ মায়ঙৰ প্ৰকৃতি প্ৰেমী বহু কেইজন লোকে আহ্বান জনাইছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *