বুধবাৰে পুৱাই পঞ্জাৱৰ বাথিণ্ডা সামৰিক ষ্টেছনৰ এটা আৰ্টিলাৰী ইউনিটত সংঘটিত গুলীচালনাৰ ঘটনাত নিহত হয় ৪ জনকৈ সেনা জোৱান।
এগৰাকী জ্যেষ্ঠ বিষয়াই জানিবলৈ দিয়া মতে, পুৱা প্ৰায় ৪.৩৫ বজাত ইউনিটৰ বিষয়াৰ মেছ চৌহদত সংঘটিত হয় এই গুলীচালনাৰ ঘটনা।
প্ৰাথমিক তদন্তত শিৱিৰৰ ভিতৰৰে কোনোৱে এই গুলীচালনা কৰাৰ সন্দেহ কৰা হৈছে।
বাতৰি অনুসৰি, দুদিন পৰে শিৱিৰটোৰ পৰা এটা ইনছাছ ৰাইফল আৰু ২৮ জাঁই গুলী চুৰি হৈছিল।
পঞ্জাৱৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান এছ পি এছ পাৰমাৰে কয় যে, “এয়া সন্ত্ৰাসবাদী আক্ৰমণ নহয়, বাহিৰৰ পৰা আক্ৰমণ নহয়। ই এক ভাতৃঘাতী কাণ্ড”।
পঞ্জাৱ আৰক্ষীয়ে এই ঘটনাৰ তদন্ত আৰম্ভ কৰি অপৰাধীক কৰায়ত্ত কৰিবলৈ অনুসন্ধান অব্যাহত ৰখা বুলিও জানিবলৈ দিয়ে অতিৰিক্ত আৰক্ষী সঞ্চালকপ্রধানে।
তেওঁ লগতে জানিবলৈ দিয়া মতে, সমগ্ৰ অঞ্চলটোত হাই এলাৰ্ট জাৰি কৰাৰ লগতে প্ৰতিৰক্ষা মন্ত্ৰণালয় আৰু সেনাৰ মুখ্য কাৰ্যালয়ৰ উপৰিও বিভাগীয় সংস্থাসমূহ এই বিষয়ে অৱগত কৰা হৈছে।