দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত মঙলবাৰে পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰকাশ সিং বাদলে শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৫ বছৰ।
শ্বাস প্ৰশ্বাসৰ অসুবিধাজনিত কাৰণত এসপ্তাহতকৈও অধিক পূৰ্বে মোহালীৰ ফৰ্টিছ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল প্ৰবীণ নেতাগৰাকী।
পঞ্জাৱৰ পাঁচবাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে যোৱা বছৰৰ জুন মাহতো গেষ্ট্ৰাইটিছ আৰু ব্ৰংকিয়ল এজমাৰ সৈতে জড়িত অভিযোগৰ পিছত চিকিৎসালয়ত ভৰ্তি হৈছিল।
২০২২ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁক ক’ভিডৰ পিছৰ স্বাস্থ্য পৰীক্ষাৰ বাবে মোহালীৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু সেই সময়ত তেওঁৰ হৃদযন্ত্ৰ আৰু হাওঁফাওঁৰ পৰীক্ষাও কৰা হয়।
যোৱা বছৰৰ জানুৱাৰী মাহত বাদলৰ দেহত কোভিড পজিটিভ পোৱা গৈছিল আৰু তেওঁক লুধিয়ানাৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।