নৱবৰ্ষৰ পূৰ্বে পুনৰ কোভিডৰ আতংক! এদিনতে আক্ৰান্ত ৭ শতাধিক লোক, মৃত্যু ৪ জনৰ

বৰদিন আৰু নৱবৰ্ষৰ পূৰ্বে পুনৰ এবাৰ দেশত আতংকৰ সৃষ্টি কৰিছে কোৰোনাই। মাৰাত্মক ভাইৰাছ JN.1 ৰ এটা নতুন উপ-ভেৰিয়েণ্টে শংকিত কৰিছে সকলোকে। শনিবাৰে স্বাস্থ্য মন্ত্ৰালয়ে জনাইছে যে যোৱা ২৪ ঘন্টাত দেশত ৭০০ৰো অধিক লোক কোৰোনা ভাইৰাছত আক্ৰান্ত হৈছে।

স্বাস্থ্য মন্ত্ৰালয়ৰ প্ৰতিবেদন অনুসৰি এদিনতে ৭৫২ জন লোক কোভিডত আক্ৰান্ত হৈছে। চলিত বৰ্ষৰ ২১ মে’ৰ পিছত দৈনিক এই সংক্ৰমণ সৰ্বাধিক। শুকুৰবাৰৰ প্ৰতিবেদন অনুসৰি এদিনতে আক্ৰান্তৰ সংখ্যা আছিল ৬৪০ জন। কোৱা বাহুল্য যে যোৱা ২৪ ঘণ্টাত এই সংখ্যা বৃদ্ধি পাইছে। আৰু ইয়াৰ বাবেই সক্ৰিয় ৰোগীৰ সংখ্যা ৩৪২০ লৈ বৃদ্ধি পালে। এই ভাইৰাছৰ ফলত এদিনতে চাৰিজন লোকক প্ৰাণ হেৰুৱাইছে।

স্বাস্থ্য মন্ত্ৰালয়ে জনাইছে যে ১৭খন ৰাজ্যই কোভিড-১৯ক লৈ নতুন উদ্বেগ প্ৰকাশ কৰিছে। শীৰ্ষত আছে কেৰালা। তাত এদিনতে ২৬৬ জন লোক আক্ৰান্ত হৈছে। ইয়াৰ পিছতে আছে কৰ্ণাটক (৭০), মহাৰাষ্ট্ৰ (১৫), তামিলনাডু (১৩) আৰু গুজৰাট (১২)। যোৱা ২৪ ঘন্টাত প্ৰাণ হেৰুওৱা দুজন লোকেই আছিল কেৰালাৰ বাসিন্দা। বাকী দুজন কৰ্ণাটক আৰু ৰাজস্থানৰ। মুঠতে কোৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা ৫ লাখ ৩৩ হাজাৰ ৩৩২ জনলৈ বৃদ্ধি পাইছে।

ইফালে বিশ্ব স্বাস্থ্য সংস্থাৰ প্রতিবেদন অনুসৰি যোৱা এমাহত কোৰোনাৰ সংক্রমণ ৫২ শতাংশ বৃদ্ধি পাইছে৷ কিন্তু নতুন উপ-ভেৰিয়েণ্টৰ দ্বাৰা কিমান শতাংশ লোক প্ৰভাৱিত হয় সেয়া সম্পূৰ্ণ স্পষ্ট নহয়। অৱশ্যে আৰোগ্যৰ হাৰ আশ্বস্ত কৰিছে। যোৱা ২৪ ঘন্টাত এই দেশত ৩২৫ জন লোক কৰ’নামুক্ত হৈছে। আৰোগ্যৰ হাৰ ৯৮.৮১ শতাংশ। উৎসৱৰ বতৰক মনত ৰাখি প্ৰায় সকলো ৰাজ্যতে নতুন নিষেধাজ্ঞা আৰোপ কৰাৰ পথত প্ৰশাসন।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *