ন্যায়ৰ দাবীত প্ৰতিবাদত দেশৰ মল্লযুঁজাৰু! যন্তৰ মন্তৰৰ প্ৰতিবাদলৈ সমৰ্থন কংগ্ৰেছ-বিৰোধীৰ…

দিল্লীৰ যন্তৰ মন্তৰত ভাৰতীয় মল্লযুঁজৰ সভাপতি ব্রিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে মল্লযুঁজাৰুৰ ধৰ্ণা আজিও অব্যাহত আছে। ভাৰতীয় মল্লযুঁজৰ মুৰব্বী তথা বিজেপিৰ সাংসদ ব্রিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা মল্লযুঁজাৰুসকলে দাখিল কৰা আবেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে দিল্লী আৰক্ষীক জাননী জাৰি কৰে। ইফালে দেশৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কপিল ছিবালেও মল্লযুঁজাৰুৰ সমৰ্থনত ওলাই আহিছে। মল্লযুঁজাৰুসকলক সমৰ্থন কৰি তেওঁ কয় যে ‘ন্যায়ৰ সৈনিকসকল আপোনাৰ লগত আছে’।

সোমবাৰে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰে বিনেশ ফ’গাটকে ধৰি ৭ গৰাকী মহিলা মল্লযুঁজাৰুৱে। ইয়াৰ মাজতে ব্ৰিজভূষণ শৰণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি এফআইআৰ দাবী কৰা হৈছিল। এই গোচৰৰ পৰৱৰ্তী শুনানি অহা ২৮ এপ্ৰিলত আদালতত অনুষ্ঠিত হ’ব। এতিয়া এই বিষয়ত বহু ৰাজনীতিবিদৰ সমৰ্থন লাভ কৰিছে মল্লযুঁজাৰুসকলে। হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিৰোধী দলপতি ভূপিন্দৰ সিং হুডাইও যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰা খেলুৱৈসকলক সমৰ্থন কৰাৰ কথা ঘোষণা কৰিছে।

চলিত বৰ্ষৰ জানুৱাৰী মাহত মল্লযুঁজাৰুসকলে মল্লযুঁজাৰু ফেডাৰেচনৰ সভাপতিৰ বিৰুদ্ধে প্ৰতিবাদ মুকলি কৰিছিল। সেই সময়ত ক্ৰীড়া মন্ত্ৰালয়ে মল্লযুঁজাৰুৰ সৈতে কথা পাতি মেৰী কমৰ অধ্যক্ষতাত এখন নিৰীক্ষণ সমিতি গঠন কৰিছিল যদিও এইবাৰ পুনৰ মল্লযুঁজাৰুসকলে ধৰ্ণাত বহিবলৈ বাধ্য হয়। তেওঁলোকৰ অভিযোগ যে জানুৱাৰীৰ পাছত এই বিষয়ত কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল। তেওঁলোকৰ অভিযোগক আওকাণ কৰা হৈছে। আনকি খেলুৱৈসকলেও অভিযোগ কৰে যে দিল্লী আৰক্ষীয়ে ডব্লিউ এফ আইৰ মুৰব্বীজনৰ বিৰুদ্ধে এফ আই আৰ পঞ্জীয়ন কৰিবলৈ অস্বীকাৰ কৰিছিল।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *