নেষ্টলে ইণ্ডিয়াই নিজৰ খাদ্য পৰ্টফলিঅ’ত এটা উপাদান হিচাপে মিলেট প্ৰৱৰ্তন কৰি বিশাল পৰিসৰৰ বিকল্পৰ সুবিধা প্ৰদান কৰিছে। চৰকাৰে মিলেটৰ ওপৰত গুৰুত্ব প্ৰদানৰ সৈতে সংগতি ৰাখি কোম্পানীটোৱে অংশীদাৰিত্ব আৰু সামগ্ৰীৰ উদ্ভাৱনৰ জৰিয়তে মিলেটক এক বহনক্ষম খাদ্য বিকল্প হিচাপে প্ৰচাৰ কৰি আছে। নেষ্টলে ইণ্ডিয়াই নেষ্টলেé এ+ মচলা মিলেট মুকলি কৰিছে, যি হৈছে বাজৰাৰ সৈতে এক পাতল আহাৰৰ বিকল্প।
নেষ্টলেéই এ+ মচলা মিলেট দুটা ফ্লেভাৰত উপলব্ধ, টেংগি টমেটো আৰু ভেজি মচলা। এইসমূহ ১৭৫ টকাত মাল্টি-চাৰ্ভ পেক আৰু ৩০ টকাত এটা ছিংগল-চাৰ্ভ পেকত উপলব্ধ। নেষ্টলে ইণ্ডিয়াই কেইবাবিধো ব্ৰেকফাষ্টৰ শস্য মুকলি কৰিছে, যাৰ ভিতৰত আছে ৰাগিৰ সৈতে নেষ্টলে চেৰেগ্ৰোগ্ৰেইন বাছনি, বাজৰাৰ সৈতে নেষ্টলেéমিলোককোৱা মল্ট আৰু নেষ্টলেéকোকো ক্ৰঞ্চ মিলেট-জোৱাৰ ইত্যাদি। এই সকলোবোৰত আঁহ বেছি, ৩০% কম কেলৰি, আৰু সংৰক্ষকৰ পৰা মুক্ত। এই বিষয়ে নেষ্টলে ইণ্ডিয়াৰ অধ্যক্ষ তথা পৰিচালনা সঞ্চালক সুৰেশ নাৰায়ণনে কয় যে, “আমি ইতিমধ্যে আমাৰ কিছুমান সামগ্ৰীত মিলেটৰ প্ৰৱেশ ঘটাইছোঁ আৰু নেচলে এ+ মছলা বাজৰা মুকলি কৰাটো সেই দিশত আন এক পদক্ষেপ।”
ভাৰত হৈছে এক মুখ্য মিলেট উৎপাদক। নেষ্টলে এছ.এৰ সহায়ক সংস্থা নিউট্ৰিহাব-আইআইএমআৰৰ সৈতে এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে। যি হৈছে মিলেট প্ৰক্ৰিয়াকৰণ, স্বাস্থ্য আৰু পুষ্টিৰ লাভালাভ, বহনক্ষম পুনৰুত্পাদনশীল কৃষি পদ্ধতি আৰু ষ্টাৰ্ট-আপৰ দৰে ক্ষেত্ৰত সহযোগিতা কৰে, কিয়নো বিশ্বব্যাপী মিলেট উৎপাদনৰ ২০% অংশীদাৰিত্ব আছে ভাৰতৰ।