নেছকেফে আৰম্ভ কৰিলে নতুন কোল্ড কফি অভিযান “জো বনায়ে, স্পেচিয়েল বন জায়ে”

বিশ্বৰ অন্যতম প্ৰিয় কফি ব্ৰেণ্ড নেছকেফে এই গ্ৰীষ্মকালত “জো বনায়ে, স্পেচিয়েল বন জায়ে” শীৰ্ষক এক নতুন অভিযান মুকলি কৰিছে। এই অভিযানে নেছকেফেৰ কোল্ড কফিৰ সুস্বাদু গিলাচ তৈয়াৰ কৰা আৰু প্ৰক্ৰিয়াটোত ‘বিশেষ’ হোৱাটো দেখুৱাইছে।

শেহতীয়া TVC হাইলাইট ষ্টৰীত নেছকেফেৰ ক্লাছিক কোল্ড কফি প্ৰস্তুত কৰি কেনেদৰে এজন যুৱক পৰিয়ালৰ মূল সদস্যৰ অনুপস্থিতিত ঘৰুৱা কাম কৰাৰ পৰা বাহিৰলৈ যোৱাৰ পথ প্ৰশস্ত কৰে, সেই কাহিনীক উজলাই তুলিছে।

নেচলে ইণ্ডিয়াৰ কফি এণ্ড বেভাৰেজৰ মুৰব্বী সুনয়ন মিত্ৰই এই অভিযান সন্দৰ্ভত মন্তব্য কৰি কয়, “এই অভিযানৰ জৰিয়তে আমি দেখুৱাব বিচাৰিছিলো যে কফিয়ে ঘৰত কেনেকৈ আপোনজনক সংযোগ কৰে আৰু নেছকেফে ব্যৱহাৰ কৰি কোল্ড কফীৰ এক আকৰ্ষণীয় গিলাচ তৈয়াৰ কৰাটো কিমান সহজ।” মেককেন ইণ্ডিয়াইৰ কাৰ্যবাহী সঞ্চালক আৰু ক্ৰিয়েটিভ বিভাগৰ মুৰব্বী আশিস চক্ৰৱৰ্তীয়ে নিজৰ মতামত ব্যক্ত কৰি কয়,“নেছকেফেৰ চনিক ব্ৰেণ্ডিং(Paparapa)-এ ইয়াক কৌশলেৰে কাহিনীটোৰ গুৰুত্বপূৰ্ণ সংলাপৰ অংশ কৰি, কেৱল এটা মিউজিক হুকতকৈ অন্য এক মাত্ৰা প্ৰদান কৰিছে।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *