নৃশংস! ড্ৰাগছ আসক্ত তোলনীয়া পুত্ৰৰ দাৰ ঘাপত কৰুণ মৃত্যু পিতৃৰ

তিনিচুকীয়া জিলাত সংঘটিত এক নৃশংস হত্যাকাণ্ডই সৃ্ষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। ঘৰৰ ভিতৰতে ড্ৰাগছ আসক্ত তোলনীয়া পুত্ৰই নিৰ্মমভাৱে হত্যা কৰে এগৰাকী ৬৪ বৰ্ষীয় ব্যক্তিক।

জানিব পৰা মতে, পুত্ৰই পিতৃক হত্যা কৰি দুদিন ধৰি ঘৰৰ ভিতৰতে লুকুৱাই ৰাখিছিল মৃতদেহ। পিছত ২০ ডিচেম্বৰত ওচৰ চুবুৰীয়াই এই নৃশংস হত্যাকাণ্ডৰ বিষয়ে জানিব পৰা আৰক্ষীক খবৰ দিয়ে।

তোলনীয়া পুত্ৰৰ হাতত প্ৰাণ হেৰুওৱা ব্যক্তিজনৰ নাম অশ্বিনী দত্ত বুলি জানিব পৰা গৈছে। আনহাতে হত্যাকাৰী যুৱকজনৰ নাম হৈছে অৰিন্দম।

খবৰ অনুসৰি, অশ্বিনী দত্তৰ পত্নীৰ মৃত্যুৰ পিছত অৰিন্দমৰ সৈতেই তেওঁ বাস কৰিছিল।

বিগত দুদিন ধৰি অশ্বিনী দত্তৰ কোনো খা-খবৰ চুবুৰীয়াই লাভ নকৰাত এই বিষয়টো চৰ্চালৈ আহে। ইয়াৰ পিছতে অৰিন্দমৰ ওপৰত সন্দেহ হোৱাত চুবুৰীয়াই আৰক্ষীক খবৰ দিয়ে।

আৰক্ষীয়ে ঘটনাৰ তদন্ত চলাই অৱশেষত শোৱা কোঠাৰ ভিতৰত তেজেৰে তুমুৰলি হৈ পৰি থকা অৱস্থাত উদ্ধাৰ কৰে ৬৪ বৰ্ষীয় ব্যক্তিজনৰ মৃতদেহ।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *