মুম্বাইৰ থানেৰ পৰা পৰ্যটক কঢ়িয়াই অনা এখন মিনি বাছ কেৰালাৰ ইডুক্কিত ৫০ ফুট দ খাৱৈত বাগৰি পৰাত কমেও ২০জন লোক আহত হয়।
তামোল গছত খুন্দা মৰাৰ ফলত চালকজনে গাড়ীখনৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱা বুলি জানিব পৰা গৈছে।
আহতসকলৰ ভিতৰত ৮ জনৰ অংগ-প্ৰত্যংগ ভঙাকে ধৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে।
আহত আটাইকেইজনক ততাতৈয়াকৈ বিভিন্ন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।