বহু চৰ্চিত নয়দাৰ নিথাৰী গোচৰত এলাহাবাদ উচ্চ ন্যায়ালয়ে গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰি দুয়োজন অভিযুক্তক সকাহ দি মৃত্যুদণ্ডৰ শাস্তি বাতিল কৰিছে। উচ্চ ন্যায়ালয়ে অভিযুক্ত সুৰেন্দৰ কলি আৰু মণিন্দৰ সিং পান্ধেৰ আবেদন গ্ৰহণ কৰি মৃত্যুদণ্ড বাতিল কৰিছে। ইয়াৰ পূৰ্বে ছেপ্টেম্বৰ মাহত উচ্চ ন্যায়ালয়ে আবেদনৰ শুনানি সমাপ্ত কৰি এই সিদ্ধান্ত সংৰক্ষিত কৰিছিল।
গাজিয়াবাদৰ চিবিআই আদালতে বিহিছিল মৃত্যুদণ্ড
উল্লেখ্য যে ২০০৫-০৬ বৰ্ষত নয়দাৰ নিথাৰীত হত্যা, অপহৰণ আৰু ধৰ্ষণৰ গোচৰত অভিযুক্ত সুৰেন্দৰ কলি আৰু মণিন্দৰ সিং পান্ধেৰৰ বিৰুদ্ধে চিবিআইয়ে মুঠ ১৬টা গোচৰ ৰুজু কৰিছিল। ইয়াৰে ১৪টা গোচৰত গাজিয়াবাদৰ চিবিআই আদালতে সুৰেন্দ্ৰ কলিক ফাঁচীৰ শাস্তি প্ৰদান কৰিছিল। আনহাতে মণিন্দৰ সিং পান্ধেৰৰ বিৰুদ্ধে পঞ্জীয়ন হোৱা ৬টা গোচৰৰ ভিতৰত ৩টা গোচৰত মৃত্যুদণ্ডৰ শাস্তি আৰু ২টা গোচৰত ইতিমধ্যে দোষমুক্ত কৰা হৈছে।
দুয়োজন অভিযুক্তই আবেদন জনাইছিল উচ্চ ন্যায়ালয়ত
গাজিয়াবাদৰ চিবিআই আদালতে দিয়া মৃত্যুদণ্ডৰ বিৰুদ্ধে এলাহাবাদ উচ্চ ন্যায়ালয়ত আৱেদন দাখিল কৰিছিল নিথাৰী গোচৰৰ দুয়োজন অভিযুক্ত সুৰেন্দ্ৰ কলি আৰু মনিন্দৰ সিং পান্ধেৰে। অভিযুক্তই উচ্চ ন্যায়ালয়ত কৈছিল যে তেওঁলোকক কেৱল বৈজ্ঞানিক আৰু পৰিস্থিতিগত প্ৰমাণৰ ভিত্তিত শাস্তি দিয়া হৈছে, আনহাতে এই কাণ্ডৰ কোনো প্ৰত্যক্ষদৰ্শী নাই। এই কথা শুনি ন্যায়াধীশ অশ্বনী কুমাৰ মিশ্ৰ আৰু ন্যায়াধীশ এছ এ ৰিজৱীৰ বিচাৰপীঠে দুয়োকে দোষমুক্ত কৰে।
কি এই নিথাৰি কাণ্ড? পান্ধেৰ-কলিৰ বিৰুদ্ধে কি অভিযোগ?
উল্লেখ্য যে, ২০০৬ চনৰ মে’ মাহত এগৰাকী ছোৱালীৰ পিতৃয়ে নয়ডাৰ ২০ নং ছেক্টৰ থানাত নিৰুদ্দেশৰ গোচৰ ৰুজু কৰি কৈছিল যে মণিন্দৰ সিং পান্ধেৰে তেওঁক এজন চাকৰ ল’বলৈ ফোন কৰিছিল, তাৰ পিছত তাই ঘূৰি অহা নাই। গোচৰ পঞ্জীয়ন কৰাৰ পাছত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে আৰু ২০০৬ চনৰ ২৯ ডিচেম্বৰত নিথাৰিৰ পান্ধেৰৰ ঘৰৰ পিছফালে থকা নলাত শিশু আৰু মহিলাৰ কংকাল উদ্ধাৰ কৰে। ইয়াৰ পিছত আৰক্ষীয়ে তেওঁক আৰু তেওঁৰ চাকৰ সুৰেন্দ্ৰ কলিক গ্ৰেপ্তাৰ কৰে যদিও পিছত গোচৰটো চিবিআইক গতাই দিয়া হয়। দুয়োৰে বিৰুদ্ধে হত্যা, অপহৰণ আৰু ধৰ্ষণৰ অভিযোগত গোচৰ ৰুজু কৰা হয়। ইয়াৰ উপৰিও দুয়োৰে বিৰুদ্ধে প্ৰমাণ নষ্ট কৰাৰ অভিযোগো উত্থাপন হৈছে।