নিজ বাসগৃহত ৰহস্যজনকভাৱে উদ্ধাৰ যুৱ চিকিৎসকৰ মৃতদেহ, চাঞ্চল্য

সোমবাৰে পুৱা তেজপুৰৰ কছাৰী গাঁৱৰ নিজা বাসগৃহত এজন চিকিৎসক মৃত অৱস্থাত উদ্ধাৰ হয়।

তেজপুৰ চহৰৰ নিজা বাসগৃহৰ ভিতৰতে মৃত অৱস্থাত উদ্ধাৰ হয় চিকিৎসকজন।

ৰৌণক প্ৰজাপতি নামৰ মৃত চিকিৎসকজন প্ৰকৃততে ৰাজস্থানৰ বাসিন্দা আছিল বুলি জানিব পৰা গৈছে। যুৱ চিকিৎসক ডাঃ প্ৰজাপতি মিছামাৰী উপ-স্বাস্থ্য কেন্দ্ৰত কৰ্মৰত আছিল।

ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

প্ৰাথমিক তদন্তত আৰক্ষীয়ে এয়া এক আত্মহত্যাৰ ঘটনা বুলি সন্দেহ কৰিলেও চিকিৎসক জনৰ মৃত্যু সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

By Pankaj

Leave a Reply

Your email address will not be published. Required fields are marked *