নিউয়ৰ্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল ২০২৩ত ”ফুটপ্ৰিণ্টছ অন ৱাটাৰ” ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটাৰ বাবে মনোনীত হৈছে বলীউডৰ অভিনেতা তথা অসম সন্তান আদিল হুছেইন।
টুইটাৰত অভিনেতাগৰাকীয়ে একে কথা ঘোষণা কৰে।
ছবিখন — ফুটপ্ৰিণ্টছ অন ৱাটাৰ — নাটালিয়া শ্যামৰ পৰিচালনাত নিৰ্মিত ইংৰাজী চিনেমা আৰু ইয়াত আদিল হুছেইন, নিমিছা সজয়ন, লেনা, ডেনি ছুৰাকে ধৰি অভিনেতাসকলে মুখ্য চৰিত্ৰ হিচাপে অভিনয় কৰিছে।
৫৯ বছৰীয়া অভিনেতাগৰাকীয়ে বলীউডত কাম কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় চিনেমাতো কাম কৰি আহিছে।
দ্য ৰিলুক্টেণ্ট ফাণ্ডামেণ্টেলিষ্ট আৰু লাইফ অৱ পাই আদি ছবিতো তেওঁক দেখা গৈছিল।
হুছেইনে ২০১৭ চনৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে হোটেল ছালভেচন আৰু মাজ ৰাতি কেটেকীৰ বাবে।