শিশুসকলৰ বৌদ্ধিক -মানসিক -শাৰীৰিক উত্তৰণৰ হকে কাম কৰি অহা গুৱাহাটী শিশু নাট্য বিদ্যালয়ে মঙলবাৰে দিনযোৰা কাৰ্যসূচীৰে শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজন কৰে ‘চূড়ান্ত নাট্যশ্লাঘ্য’ শীৰ্ষক এক নাট প্ৰতিযোগিতাৰ৷এই প্ৰতিযোগিতাৰ উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকি ভাষণ প্ৰদান কৰে ভাৰত চৰকাৰৰ বন্দৰ,জাহাজ আৰু জলপথ তথা আয়ুস মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটী শিশু নাট্যবিদ্যালয়ৰ এনে আয়োজনৰ প্ৰশংসা কৰি নাট্য বিদ্যালয়খনৰ লগত জড়িত সকলোকে পৰৱৰ্তী কাৰ্য্যসমূহ সুচাৰুৰূপে চলাই নিবলৈ শুভেচ্ছা জ্ঞাপন কৰে। এই উদ্ধোধনী অনুষ্ঠানত গুৱাহাটী শিশুনাট্য বিদ্যালয়ৰ সভাপতি হৃষীকেশ গোস্বামীয়ে আদৰণি ভাষণ প্ৰদান কৰে৷ অনুষ্ঠানত গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ মুখ্য উপদেষ্টা দিলীপ কুমাৰ বৰা, উপসভাপতি ডা° হিতেশ বৰুৱা ,শোভেশ্বৰ দাস,উপদেষ্টা বন্দিতা ফুকন ,জিতেন শৰ্মা অতিথি হিচাপে উপস্থিত থাকে৷ অসমৰ আগশাৰী শিশু নাট্য শিক্ষানুষ্ঠান গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে বছৰটোৰ পঞ্চমটো কাৰ্যসূচী হিচাপে তেজপুৰ,নলবাৰী আৰু শিৱসাগৰ মণ্ডলত যি সদৌ অসম শিশু নাট প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল, সেই ৭০খন মঞ্চস্থ হোৱা শিশু নাটকৰ পৰা নিৰ্বাচিত হোৱা ১০খন শ্ৰেষ্ঠ শিশু নাটকৰ মাজত ১৪ নৱেম্বৰৰ পুৱাৰে পৰা অনুষ্ঠিত হোৱা ‘নাট্যশ্লাঘ্য’ শীৰ্ষক চূড়ান্ত প্ৰতিযোগিতাৰ প্ৰাইজমানিসহ পুৰস্কাৰ সমূহো প্ৰদান কৰা হয়৷ নাট প্ৰতিযোগিতাখনৰ বিচাৰকৰ আসন শুৱনি কৰে কৰুণা ডেকা,চয়নিকা শৰ্মা আৰু শোভেশ্বৰ দাসে৷ আজিৰ নাট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা নাটসমূহ আছিল কুৰক্ষেত্ৰত খেলিমেলি(পুবেৰুণ মইনা পাৰিজাত,লক্ষীমপুৰ), নিগনি দৌৰ(বাট থিয়েটাৰ ,বিশ্বনাথ চাৰিআলি),মেইন ভাও কোনে ল’ব(নাট্য প্ৰশিক্ষণ কেন্দ্ৰ,বিশ্বনাথ চাৰিআলি),পোত যোৱা কাহিনী(চৰ্চা,ছিপাঝাৰ) খিৰিকী(নাট্যপীঠ, নলবাৰী),আমি কৰো টোৰ টোৰ মেঘে কৰে গুৰ গুৰ(আদৰ্শ শিক্ষা ভৱন,শিৱসাগৰ)আমি পানীত থকা জীৱ(যুতি মইনা পাৰিজাত,যোৰহাট),ঘোঁৰা কংস বধ(অবিকল নাট্য গোষ্ঠী,শিৱসাগৰ)খেলো আহা জয়মতী(দুলিয়াজান নাট্য বিদ্যালয়,দুলিয়াজান )আৰু সোণৰ সজাৰ পখিলা(ডি শৰ্মা কালচাৰেল একাডেমী গুৱাহাটী)শীৰ্ষক শিশু নাটকেইখন৷ উদ্ধোধনী অনুষ্ঠানৰ আৰম্ভণিতে ডা° হিতেশ বৰুৱাই ৰচনা কৰা বিদ্যালয়ৰ শীৰ্ষগীতটি ভূপালী দাস আৰু অভিশ্ৰুতি শৰ্মাৰ নৃত্য পৰিচালনাৰে পৰিৱেশন কৰে গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে৷
“নাট্যশ্লাঘ্য’ শীৰ্ষক চূড়ান্ত প্ৰতিযোগিতাৰ প্ৰাইজমানি প্ৰদান
