নাগালেণ্ডৰ মন জিলাত উদ্ধাৰ অসমৰ ২ যুৱকৰ অৰ্ধ উলংগ মৃতদেহ, হত্যাৰ সন্দেহ

সোমবাৰে নাগালেণ্ডৰ মন জিলাত অৰ্ধ উলংগ অৱস্থাত অসমৰ দুই যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই দুয়োখন ৰাজ্যতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰাথমিক খবৰ অনুসৰি, শৰীৰত আঘাতৰ চিন থকা যুৱক দুজনৰ মৃতদেহ অৰ্ধ উলংগ অৱস্থাত উদ্ধাৰ কৰে আৰক্ষীয়ে। সোণাৰিৰ বাসিন্দা যুৱৰ দুজনক অচিনাক্ত দুষ্কৃতিকাৰীয়ে হত্যা কৰাৰ সন্দেহ কৰা হৈছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, শনিবাৰে দোকানৰ সামগ্ৰী পৰিবহণ কৰি নাগালেণ্ডৰ টবুৰ পৰা ঘৰলৈ উভতি অহাৰ পথত দুয়োৰে সৈতে যোগাযোগ বিচ্ছিন্ন হৈছিল পৰিয়ালৰ।

এই ঘটনাৰ আঁৰৰ দোষীক বিচাৰি উলিয়াবলৈ যুৱক দুজনৰ পৰিয়ালে নাগালেণ্ড আৰক্ষী আৰু সংগঠনৰ সৈতে যোগাযোগ কৰি এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *