নলবাৰীৰ মুগকুছিত ভয়ংকৰ দুৰ্ঘটনা, স্বামী-স্ত্ৰীৰ মৃত্যু

নলবাৰী জিলাৰ মুগকুছিত ভয়ংকৰ পথ দুৰ্ঘটনা।

দুৰ্ঘটনাত থিতাতে নিহত এহাল দম্পতীৰ। গুৰুতৰভাৱে আহত তেওঁলোকৰ কণমানি সন্তান।

শহুৰৰ ঘৰৰ পৰা ওভতাৰ পথতে দুৰ্ঘটনাত পতিত হয় দম্পতীহালৰ বাহনখন।

নিহত স্বামী-স্ত্ৰীক অময়াপুৰৰ সঞ্জয় শৰ্মা আৰু মানসী শৰ্মা বুলি চিনাক্ত।

গুৰুতৰভাৱে আহত হৈছে নিশান শৰ্মা নামৰ তেওঁলোকৰ সন্তানটি।

দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ AS 01EZ 4055৷

গাড়ী চলাই থকাত টোপনি ধৰাৰ বাবেই এই দুৰ্ঘটনাটো হোৱা বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *