নগৰবেৰাত গ্ৰেপ্তাৰ PFIৰ পলাতক সদস্য…

ৰাষ্ট্ৰীয় চৰকাৰৰ নিষেধাজ্ঞাৰ পিছত পিএফআইৰ বিৰুদ্ধে এইবাৰ কঠোৰ হৈ পৰিছে অসম আৰক্ষী। মঙলবাৰে নিশা কামৰূপ জিলাৰ নগৰবেৰাত দলটোৰ এজন পলাতক সদস্যক গ্ৰেপ্তাৰ কৰা হয়।

নগৰবেৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মিৰেল আহমেদে অভিযান চলাই পিএফআইৰ সদস্য আব্দুল ৰেজ্জাক আলীক গ্ৰেপ্তাৰ কৰে।

কেন্দ্ৰীয় চৰকাৰে সংগঠনটোক নিষিদ্ধ কৰাৰ লগে লগে সদস্যজন পলায়ন কৰা বুলি নিশ্চিত কৰা হৈছে। অৱশ্যে কেইবামাহো পিছত আব্দুলক আৰক্ষীয়ে জিম্মাত লয়।

গ্ৰেপ্তাৰৰ পিছতে আজি আব্দুলক জিম্মাত লোৱা হয়।

অসম আৰক্ষীয়ে আৰু কয় যে নগৰবেৰা অঞ্চলত পিএফআইৰ আন একাংশ সদস্য এতিয়াও সক্ৰিয় হৈ আছে আৰু পিএফআইৰ সদস্যসকলক গ্ৰেপ্তাৰ কৰিবলৈ এতিয়াও আৰক্ষী অভিযান অব্যাহত আছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *