অসম আৰক্ষীয়ে নগাঁও জিলাত ২.২৫ লাখ টকাৰ নকল ভাৰতীয় মুদ্ৰা নোট জব্দ কৰাৰ লগতে এজন ব্যক্তিক আটক কৰিছে। ধৃত ব্যক্তিজনক ৰছিদুল হুছেইন বুলি চিনাক্ত কৰা হৈছে।
নিৰ্দিষ্ট তথ্যৰ ভিত্তিত শুকুৰবাৰে নিশা আৰক্ষীৰ এটা দলে নগাঁও চহৰৰ সমীপৰ বৰঘাট অঞ্চলত অভিযান আৰম্ভ কৰি নকল নোটসমূহ জব্দ কৰে।
নগাঁৱৰ আৰক্ষী বিষয়া জোনমণি ৰাভাই কয় যে, “আমি বৰঘাট বাইপাছ এলেকাত নকল নোট বিক্ৰী কৰিবলৈ অহাৰ তথ্য লাভ কৰিছিলো আৰু সেই তথ্যৰ ভিত্তিত আমি অভিযান আৰম্ভ কৰিছিলো। আমি এজন ব্যক্তিক ধৰি জেৰা চলাইছিলো।”
তেওঁ লগতে কয় যে আমি চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত মোৱামাৰী অঞ্চলত থকা ফাইজুল হোকৰ এটা ঘৰত তালাচী চলাই ২.২৫ লাখ টকাৰ এফআইচিএন উদ্ধাৰ কৰোঁ।
আৰক্ষীয়ে আৰু অৱগত কৰে যে লখিমপুৰ জিলাৰ অধিক ব্যক্তি এই ৰেকেটত জড়িত হৈ আছে।
বাকী থকা লোকসকলক আটক কৰাৰ প্ৰচেষ্টা অব্যাহত আছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।