নগাঁৱত পুখুৰীত গা ধুবলৈ গৈ সলিল সমাধি ২ ভগ্নীৰ

নগাঁৱৰ লাগুনবস্তি আদৰ্শ গাঁৱৰ ওচৰৰ কেলিডেন চাহ বাগিচাত পুখুৰীত গা ধুই থকা সময়তে দুগৰাকী কণমানি ভগ্নীৰ সলিল সমাধি ঘটা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলায়।

বুধবাৰে আবেলি সংঘটিত হয় এই শোকাবহ ঘটনা।

জানিব পৰা মতে, দুয়োগৰাকী ভগ্নীয়ে দুপৰীয়া গা ধুবলৈ ওলাই গৈ বহু দেৰিলৈকে ঘৰলৈ উভতি নহাত পৰিয়ালত হাহাকাৰ লাগে।

পিছত স্থানীয় লোক আৰু পৰিয়ালে বিচাৰ খোচাৰ কৰি অৱশেষত পুখুৰীৰ পৰা উদ্ধাৰ কৰে দুয়োৰে মৃতদেহ।

আৰক্ষীয়ে দুয়োটি কন্যা শিশুৰ মৃতদেহ উদ্ধাৰ কৰে আৰু মৃত্যুৰ প্ৰকৃত কাৰণ নিৰ্ধাৰণ কৰিবলৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *