নগাঁও চহৰৰ অসম ৰাজ্যিক পৰিবহন নিগম (এ.এছ.টি.ছি)ধাবাৰ সভাকক্ষত নগাঁও জিলা ৰেষ্টলিং সন্থাৰ সভাপতি তথা জ্যেষ্ঠ অধিবক্তা জ্যোতি নাৰায়ণ শইকীয়াৰ সভাপতিত্বত বৃহস্পতিবাৰে বিয়লি অনুষ্ঠিত হয় সাধাৰন সভা। এই সভাত আগন্তুক কাৰ্যকালৰ বাবে নগাঁও জিলা ৰেষ্টলিং সন্থাৰ নতুন কাৰ্যনিৰ্বাহক সমিতখন গঠন কৰা হৈছে ।
এই সভাত কাছমাৰী অঞ্চলৰ বিপ্লৱ কোঁৱৰ আৰু ৰহাৰ জোনমণি দাস আদিক সম্বৰ্ধনা জনোৱাৰ লগতে আগন্তুক অসম ৰেষ্টলিং সন্থাৰ সাধাৰণ সভাখন নগাঁৱত আয়োজন কৰিবলৈ অনুৰোধ জনোৱাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰে । তদুপৰি জিলাখনৰ গ্ৰামাঞ্চলসমূহত শীঘ্ৰে প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰিবৰ বাবে নতুন সমিতিখনক পদক্ষেপ ল’বলৈ আহ্বান জনায় ।