কেন্দ্ৰীয় শিক্ষা আৰু দক্ষতা বিকাশ তথা উদ্যমিতা বিভাগৰ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে নতুন দিল্লীত শিক্ষা মন্ত্ৰালয়, দক্ষতা বিকাশ আৰু মেটাৰ মাজত “শিক্ষাৰ পৰা উদ্যোগী: শিক্ষা, শিক্ষাবিদ আৰু উদ্যোগীৰ এটা প্ৰজন্মক শক্তিশালী কৰা” শীৰ্ষক ৩ বছৰীয়া অংশীদাৰিত্বৰ শুভাৰম্ভ কৰিছে। মেটা আৰু এনআইইএছবিইউডি, এআইচিটিই আৰু চিবিএছইৰ মাজত ৩খন লেটাৰ অৱ ইনটেণ্ট (এলঅ’আই) বিনিময় কৰা হৈছিল। এই অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় শিক্ষা ৰাজ্যিক মন্ত্ৰী ড০ অন্নপূৰ্ণা দেৱী আৰু ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি তথা দক্ষতা বিকাশ আৰু উদ্যমিতা বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰেও।
মেটাই এনআইইএছবিইউডিৰ সৈতে অংশীদাৰিত্বৰ জৰিয়তে অহা ৩ বছৰত দেশৰ ৭টা আঞ্চলিক ভাষাৰ ৫ লাখ উদ্যোগীক ডিজিটেল মাৰ্কেটিং দক্ষতা প্ৰদান কৰিব। উদীয়মান আৰু বৰ্তমানৰ উদ্যোগী দুয়োটা ক্ষেত্ৰৰ উদ্যোগীৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা থাকিব। ৩খন চুটি চলচ্চিত্ৰই অংশীদাৰিত্বৰ সবিশেষ প্ৰদৰ্শন কৰে। এই বিষয়ে ধৰ্মেন্দ্ৰ প্ৰধানে কয় যে, ”ভাৰতক বিশ্বৰ দক্ষতাৰ ৰাজধানী হিচাপে গঢ়ি তোলা আৰু আমাৰ অমৃতপীধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীক আগুৱাই নিয়াৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।”
তেওঁ লগতে কয় যে, ”এডুকেশ্বন টু এণ্টাৰপ্ৰিনিয়ৰশ্বিপ’ অংশীদাৰীত্ব হৈছে এক গেম-চেঞ্জাৰ, যিয়ে ডিজিটেল দক্ষতাক তৃণমূল পৰ্যায়লৈ লৈ যাব। ইয়াৰ দ্বাৰা আমাৰ প্ৰতিভা পুলৰ সামৰ্থ্য গঢ়ি তোলা হ’ব, ছাত্ৰ-ছাত্ৰী, যুৱক-যুৱতী, কৰ্মশক্তি আৰু ক্ষুদ্ৰ উদ্যোগীসকলক, ভৱিষ্যতৰ প্ৰযুক্তিৰ সৈতে নিৰৱচ্ছিন্নভাৱে সংযোগ কৰা হ’ব আৰু আমাৰ অমৃত পীধিক নতুন যুগৰ সমস্যা সমাধানকাৰী আৰু উদ্যোগীলৈ ৰূপান্তৰিত কৰা হ’ব।