ধৰ্মেন্দ্ৰ প্ৰধানে মুকলি কৰিলে ৰাষ্ট্ৰীয় এপ্ৰেণ্টিছশ্বিপ প্ৰমোচন আঁচনিত ডিবিটিৰ

বিভিন্ন উদ্যোগৰ অংশগ্ৰহণ আৰু যুৱক-যুৱতীৰ এপ্ৰেণ্টিছশ্বিপ প্ৰশিক্ষণ বৃদ্ধিৰ বাবে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ৰাষ্ট্ৰীয় এপ্ৰেণ্টিছশ্বিপ প্ৰমোচন আঁচনি (এনএপিএছ)ত প্ৰত্যক্ষ লাভ হস্তান্তৰ (ডিবিটি) ব্যৱস্থাৰ শুভাৰম্ভ কৰিছে। ভাৰতৰ বিভিন্ন প্ৰান্তৰ ১ লাখ এপ্ৰেণ্টিছ বা প্ৰশিক্ষাৰ্থীক প্ৰায় ১৫ কোটি টকা প্ৰদান কৰা হয়, যাৰ ফলত এন এ পি এছত ডি বি টি আৰম্ভ হয়। উল্লেখ্য যে, ২০১৬ চনত আৰম্ভ হৈছিল ৰাষ্ট্ৰীয় এপ্ৰেণ্টিছশ্বিপ প্ৰমোচন আঁচনিৰ। ২০২৩ চনৰ ৩১ জুলাইলৈকে প্ৰায় ২৫ লাখ যুৱক-যুৱতীক এপ্ৰেণ্টিছ হিচাপে নিয়োজিত কৰা হৈছে। ২০২৩-২৪ বিত্তীয় বৰ্ষত প্ৰায় ২.৬ লাখ এপ্ৰেণ্টিছে প্ৰশিক্ষণ সম্পূৰ্ণ কৰিছে।

ভাৰত চৰকাৰে বিভিন্ন খণ্ডত গুণগত প্ৰশিক্ষণৰ প্ৰসাৰৰ বাবে সক্ৰিয় প্ৰচেষ্টা হাতত লৈছে। ২০১৮-১৯ চনত সক্ৰিয় প্ৰতিষ্ঠানৰ সংখ্যা ৬,৭৫৫ৰ পৰা পৰৱৰ্তী সময়ত ২০২৩-২৪ চনত ৪০,৬৫৫লৈ বৃদ্ধি পাইছে। কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ৰাষ্ট্ৰীয় এপ্ৰেণ্টিছশ্বিপ প্ৰমোচন আঁচনিত ডিবিটি আৰম্ভ কৰি উয়াক আদৰণি জনায়, যাৰ লক্ষ্য হৈছে এপ্ৰেণ্টিছশ্বিপৰ সামগ্ৰিক পৰিৱেশ আৰু প্ৰক্ৰিয়াটোক সজীৱ কৰি তোলা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বপ্নৰ এপ্ৰেণ্টিছশ্বিপক আকাংক্ষিত কৰি তোলাৰ দৃষ্টিভংগী পূৰণ কৰা আৰু শিক্ষণৰ সময়তো উপাৰ্জনক উৎসাহিত কৰা। এই বিষয়ে দক্ষতা বিকাশ আৰু উদ্যোগীকৰণ মন্ত্ৰণালয়ৰ সচিব অতুল কুমাৰ তিৱাৰীয়ে মন্তব্য কৰি কয় যে “আমি একেলগে এনে এক ভৱিষ্যৎ গঢ়ি তুলিব বিচাৰিছো য’ত প্ৰতিজন ব্যক্তিৰ সম্ভাৱনা আৰু দক্ষতাই যাতে নিজৰ প্ৰকৃত লাভ আদায় কৰিব পাৰে আৰু নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিব পাৰে।”

চৰকাৰ, উদ্যোগ আৰু ব্যক্তিগত খণ্ডৰ ভূমিকাক গুৰুত্ব আৰোপ কৰি অংশীদাৰসকলৰ মাজত এপ্ৰেণ্টিছশ্বিপৰ সংযোগ বৃদ্ধিৰ বাবে চিন্তান শিৱিৰৰ আয়োজন কৰে এমএছডিইয়ে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *