ধৰ্মীয় শোভা যাত্ৰাৰ পৰিপ্ৰেক্ষিতত হিংসা প্ৰতিৰোধৰ বাবে নুহত ২৮ আগষ্টলৈকে ইণ্টাৰনেট সেৱা বন্ধ ৰখাৰ নিৰ্দেশ

‘শোভা যাত্ৰা’ৰ আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি শনিবাৰে হাৰিয়ানা চৰকাৰে সাম্প্ৰদায়িকভাৱে চাৰ্জ কৰা নুহত মোবাইল ইণ্টাৰনেট আৰু বাল্ক এছএমএছ সেৱা ২৮ আগষ্টলৈকে বন্ধ কৰাৰ নিৰ্দেশ দিয়ে। সোমবাৰে অনুষ্ঠিত হ’বলগীয়া সমাৱেশৰ আগত বা অসামাজিক উপাদানে ছ’চিয়েল মিডিয়াৰ জৰিয়তে উৰাবাতৰি বিয়পোৱাৰ আশংকা কৰি চৰকাৰে এই সিদ্ধান্ত ঘোষণা কৰে।

শনিবাৰে এই নিলম্বনৰ নিৰ্দেশ জাৰি কৰে অতিৰিক্ত মুখ্য সচিব (গৃহ) টি ভি এছ এন প্ৰসাদে। ইয়াৰ পূৰ্বেও হাৰিয়ানা চৰকাৰে সাম্প্ৰদায়িক সংঘৰ্ষৰ সূচনা হোৱাৰ পিছত নুহত মোবাইল ইণ্টাৰনেট সেৱা বন্ধ কৰি দিছিল।

যোৱা ৩১ জুলাইত বিশ্ব হিন্দু পৰিষদৰ ধৰ্মীয় শোভাযাত্ৰাত নুহত সংঘটিত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষত দুজন গৃহৰক্ষী আৰু এজন ধৰ্মগুৰুকে ধৰি ছয়জন লোকৰ মৃত্যু হৈছিল।

“… এই আদেশ জিলা নুহৰ অধিকাৰক্ষেত্ৰত শান্তি আৰু জনশৃংখলা বিঘিনি ৰোধৰ বাবে জাৰি কৰা হৈছে আৰু ২৬ আগষ্ট, ১২.০০ বজাৰ পৰা ২৮ আগষ্ট, ২৩.৫৯ বজালৈকে বলবৎ হ’ব..” প্ৰসাদে কয়।

ইয়াৰ পূৰ্বে শুকুৰবাৰে নুহ উপ আয়ুক্তই এচিএছ (গৃহ)লৈ পত্ৰ লিখিছিল যে জিলাখনত ২৮ আগষ্টত ‘বৃজ মণ্ডল শোভা যাত্ৰা’ৰ বাবে ‘সৰ্ব জাতীয় হিন্দু মহাপঞ্চায়ত’ৰ পৰা আহ্বান জনোৱা হৈছে আৰু আশংকা কৰা হৈছে শান্তি বিঘ্নিত কৰিবলৈ অসামাজিক উপাদানে ছ’চিয়েল মিডিয়া/বাল্ক মেছেজৰ অপব্যৱহাৰ কৰিব পাৰে।

এচিএছ (গৃহ)ক প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰিবলৈ অনুৰোধ জনাই উপায়ুক্তগৰাকীয়ে লিখিছে যে, “সেয়েহে নুহ জিলাৰ সকলো মোবাইল ইণ্টাৰনেট আৰু বাল্ক এছএমএছ সেৱা বন্ধ কৰি দিয়াটো প্ৰয়োজনীয় যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ পৰা হাত সাৰিব পাৰে।”

শনিবাৰে দিয়া নিৰ্দেশত প্ৰসাদে কয় যে ইণ্টাৰনেটৰ জৰিয়তে উৰাবাতৰি আৰু প্ৰজ্বলনমূলক বিষয়বস্তু প্ৰচাৰৰ জৰিয়তে ৰাজহুৱা উপযোগীতা, ৰাজহুৱা সম্পত্তি আৰু সুবিধাৰ ক্ষতি আৰু নুহত ৰাজহুৱা আইন-শৃংখলা বিঘ্নিত হোৱাৰ স্পষ্ট সম্ভাৱনা আছে।

তেওঁ মোবাইল ইণ্টাৰনেট সেৱা (২জি, ৩জি, ৪জি, ৫জি, চিডিএমএ, জিপিআৰএছ), বাল্ক এছএমএছ (বেংকিং আৰু মোবাইল ৰিচাৰ্জ বাদ দি) আৰু ভইচ কলৰ বাহিৰে মোবাইল নেটৱৰ্কত প্ৰদান কৰা সকলো ডংগল সেৱা অস্থায়ীভাৱে বন্ধ কৰাৰ নিৰ্দেশ দিয়ে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *