ধৰ্মীয় স্থানৰ পৰা উভতি অহাৰ পথতে ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ৩ শিশুসহ একেটা পৰিয়ালৰ ৫ সদস্যৰ

ৰাজস্থানৰ চুৰু জিলাৰ ৰাজগড় চহৰৰ সমীপত প্ৰায় ৭০ কিলোমিটাৰ নিলগৰ হিছাৰ-ৰাজগড় পথৰ ৰাজগড় চহৰৰ সমীপত এখন ট্ৰাকত খুন্দা মৰাৰ ফলত তিনিটা শিশুসহ এটা পৰিয়ালৰ ৫ জন লোক নিহত হোৱাৰ লগতে ১৮ জন লোক আহত হয়।

দুৰ্ঘটনাত নিহত আটাইকেইজন হাৰিয়ানাৰ হিছাৰ জিলাৰ শ্বাহদৱা গাঁৱৰ বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, লোক কেইজনে নিশা এটা ধৰ্মীয় স্থান পৰিদৰ্শন কৰি ছালাছাৰৰ পৰা উভতি আহিছিল।

নিহত সকলক বিমলা (৬০), কৃষ্ণ (৪৮), অঞ্জলি (১৩), অংকিত (১০) আৰু দুবছৰীয়া সৃষ্টি বুলি চিনাক্ত কৰা হৈছে। আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

সূত্ৰই জনোৱা মতে, ৰাজস্থানত চলি থকা চিকিৎসকৰ ধৰ্মঘটৰ বাবে কোনো ধৰণৰ চিকিৎসা লাভ কৰিব নোৱাৰিলে ভুক্তভোগীয়ে। তেওঁলোকে লগতে কয় যে আহতসকলক আৰক্ষীয়ে হিছাৰলৈ আনি তাত থকা বিভিন্ন চিকিৎসালয়ত ভৰ্তি কৰাইছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *