ধুবুৰীত তীব্ৰবেগী ট্ৰাকৰ খুন্দাত মৃত্যু ৩ বাইক আৰোহীৰ, হেলমেট নিপিন্ধাৰ বাবেই এই অঘটন…

বৃহস্পতিবাৰে বিয়লি ধুবুৰী জিলাৰ অন্তৰ্গত বেলগুৰিত এখন তীব্ৰবেগী ট্ৰাকে খুন্দা মৰাৰ ফলত তিনিজন বাইক আৰোহীৰ থিতাতে মৃত্যু ঘটে।

জানিব পৰা মতে, একেখন বাইকত যাত্ৰা কৰা যুৱক তিনিজনক বিপৰীত দিশৰ পৰা এখন ট্ৰাকে খুন্দা মৰাত তিনিওজনৰ থিতাতে মৃত্যু হয়।

বেলগুৰিৰ ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনা সংঘটিত হয়।

উল্লেখযোগ্য যে এই দুৰ্ঘটনা সংঘটিত কৰাৰ সময়ত মৃত যুৱকসকলৰ কোনো এজনেই হেলমেট পিন্ধা নাছিল।

ঘটনাৰ পিছতে দুৰ্ঘটনাস্থলীৰ চাৰিওফালে সামান্য জনসমাগম হৈ স্থানীয় আৰক্ষীক খবৰ দিয়ে।

মৃত যুৱক কেইজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *