সোমবাৰে ভাৰতীয় সেনাৰ এজন জোৱান চিএফএন সন্দীপ কুমাৰে ৰেঞ্জত চকীদাৰ কৰ্তব্যৰত অৱস্থাত বিস্ফোৰণ সংঘটিত হোৱাৰ ফলত দৰঙা ফিল্ড ফায়াৰিং ৰেঞ্জত প্ৰাণ হেৰুৱায়।
বিস্ফোৰণৰ ফলত তেওঁ গুৰুতৰভাৱে আহত হয় আৰু ৰেঞ্জত উপলব্ধ ৰেজিমেণ্টৰ চিকিৎসা বিষয়াই তেওঁক থিতাতে তাৎক্ষণিক চিকিৎসা সাহায্য প্ৰদান কৰে।
পৰৱৰ্তী সময়ত তেওঁক বিমানেৰে গুৱাহাটীৰ বেছ হাস্পতাললৈ লৈ যোৱা হয়, য’ত তেওঁ আঘাতপ্ৰাপ্ত হৈ মৃত্যুক সাৱটি লয়।
চিএফএন সন্দীপ কুমাৰ হিমাচল প্ৰদেশৰ মাণ্ডি জিলাৰ আৰু ইহসংসাৰত পত্নী আৰু এবছৰীয়া পুত্ৰক এৰি থৈ যায়।
এই ঘটনাত প্ৰাণ হেৰুওৱা জোৱানজনৰ শোকসন্তপ্ত পৰিয়ালৰ সৈতে ভাৰতীয় সেনাই শোক প্ৰকাশ কৰাৰ লগতে দৃঢ়তাৰে থিয় দিছে।
এই ঘটনাৰ তথ্য জানিবলৈ তদন্তৰ নিৰ্দেশ দিয়া হৈছে।