দৰঙত বালিভৰ্তি ট্ৰেক্টৰৰ খুন্দাত মৃত্যু কিশোৰৰ…

দৰং জিলাৰ খাৰুপেটীয়াত শনিবাৰে পুৱা বালি ভৰ্তি ট্ৰেক্টৰে খুন্দা মৰাৰ ফলত এজন কিশোৰৰ কৰুণ মৃত্যু হয়।

লাভ কৰা তথ্য অনুসৰি কিশোৰজনে ঘৰৰ ঠিক বাহিৰৰ পথত খেলি থকা অৱস্থাত এখন ট্ৰেক্টৰখনে খুন্দা মৰাৰ ফলত থিতাতে মৃত্যু ঘটে।

মৃত ছাত্ৰজন মোহিন আলমৰ পুত্ৰ ফৰিজুল হক বুলি চিনাক্ত কৰা হৈছে।

স্থানীয় আৰক্ষীয়ে তথ্য লাভ কৰি ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাটোত জড়িত ট্ৰেক্টৰখন জব্দ কৰে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *