দেৱাশীষ গগৈ হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ অপৰাধত ১১ জনক যাৱজ্জীৱন কাৰাদণ্ড আদালতৰ…

যোৰহাট জিলাৰ এখন স্থানীয় আদালতে ২০২০ চনৰ মে’ মাহত দেশজোৰা লকডাউনৰ সময়ত এজন যুৱকক হত্যা কৰাৰ ঘটনাত ১১জন লোকক যাৱজ্জীৱন কাৰাদণ্ডৰ ব্যৱস্থা কৰিছে।

যোৰহাট জিলাৰ মৰিয়নীৰ সমীপৰ নকাছাৰীত ২৩ বছৰীয়া দেৱাশিষ গগৈক হত্যাৰ অপৰাধত দোষী সাব্যস্ত হয়।

গাভৰু পাহাৰ চাহ কাৰখানাৰ সমীপত দুগৰাকী মহিলাক খুন্দা মৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে দেৱাশিষ আৰু তেওঁৰ বন্ধুক ৰাইজে আক্ৰমণ কৰে।

পৰ্যটনস্থলী গাভৰু পাহাৰলৈ এদিনীয়া ভ্ৰমণৰ পৰা উভতি অহাৰ সময়তে এই ঘটনা সংঘটিত হয়।

দুয়োকে সংকটজনক অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়, য’ত দেৱাশীষৰ মৃত্যু হয়।

আৰক্ষীয়ে গণ আক্ৰমণৰ সৈতে জড়িত থকাৰ অভিযোগত ১৮ জন লোকক গ্ৰেপ্তাৰ কৰি তেওঁলোকৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছিল।

আদালতৰ ৰায়ক আদৰণি জনাইছে দেৱাশীষৰ পৰিয়ালৰ লোকে।

By Pankaj

Leave a Reply

Your email address will not be published. Required fields are marked *