দেশৰ উচ্চ শিক্ষানুষ্ঠানসমূহত নামভৰ্তিক লৈ ইউ জি চিৰ নতুন নিৰ্দেশনা

61
Group of young Indian / Asian college students in the campus.

দেশৰ উচ্চ শিক্ষানুষ্ঠানসমূহত বছৰত দুবাৰকৈ শিক্ষাৰ্থীসকলে কৰিব পাৰিব নামভৰ্তি। বিশ্ববিদ্যালয় অনুদান আয়োগে এই কথা ঘোষণা কৰিছে। এই নিয়ম এই শৈক্ষিক বৰ্ষৰ পৰা প্ৰযোজ্য হ’ব, যাৰ অধীনত শিক্ষাৰ্থীসকলে বছৰত দুবাৰকৈ উচ্চ শিক্ষানুষ্ঠানত নামভৰ্তি কৰিব পাৰিব। প্ৰতিবেদন অনুসৰি, এই নিয়ম কেৱল ২০২৪-২৫ শিক্ষাগত অধিৱেশনৰ পৰাহে প্ৰযোজ্য হ’ব। বিদেশৰ দৰে এই ব্যৱস্থাও এতিয়া আমাৰ দেশতো ৰূপায়ণ কৰা হ’ব। বিদেশত নামভৰ্তিৰ প্ৰক্ৰিয়াটো সহজ আৰু বছৰত ভাৰতৰ দৰে কেৱল এবাৰহে নামভৰ্তি নহয়। এতিয়া দেশৰ উচ্চ শিক্ষানুষ্ঠানবোৰতো বছৰত এবাৰৰ তুলনাত দুবাৰকৈ নামভৰ্তি কৰাৰ ব্যৱস্থা কৰা হৈছে। বৰ্তমানৰ নিয়মবোৰৰ বিষয়ে ক’লে, নামভৰ্তিৰ প্ৰক্ৰিয়া বছৰত এবাৰ আৰম্ভ হয়। ইয়াৰ অধীনত, নতুন অধিৱেশন জুলাই-আগষ্টত আৰম্ভ হয়, যি অহা বছৰৰ মে’-জুনত সমাপ্ত হয়। শিক্ষাৰ্থীসকলে কেৱল এবাৰহে নামভৰ্তি কৰে। নতুন প্ৰণালীৰ অধীনত, বছৰত দুবাৰ কৈ নামভৰ্তি কৰা হ’ব। নতুন শৈক্ষিক চক্ৰৰ অধীনত, নামভৰ্তি এতিয়া জুলাই-আগষ্টৰ লগতে জানুৱাৰী-ফেব্ৰুৱাৰীত কৰা হ’ব। ইউজিচিৰ অধ্যক্ষ জগদেশ কুমাৰে এই সন্দৰ্ভত এটা ঘোষণা কৰিছে। তেওঁ কয় যে বহুবাৰ বহুকাৰণত প্ৰাৰ্থীসকলে সময়মতে নামভৰ্তি কৰিবলৈ সক্ষম নহয় আৰু তেওঁলোকৰ বছৰ নষ্ট হৈ যায়। এনে শিক্ষাৰ্থীসকলক এই প্ৰক্ৰিয়াৰ দ্বাৰা সহায় কৰা হ’ব।