দেশত ১১১বিধ মচলাৰ উৎপাদন তৎক্ষণাৎ বন্ধৰ নিৰ্দেশ এফএছএছএআইৰ

79

চলিত বৰ্ষৰ এপ্ৰিল মাহত ছিংগাপুৰ আৰু হংকঙে কেইবাটাও সামগ্ৰীত কাৰ্চিনোজেনিক কীটনাশক ইথিলিন অক্সাইডৰ উপস্থিতি ধাৰাৰ পেলোৱাৰ পিছত জনপ্ৰিয় ভাৰতীয় মচলা ব্ৰেণ্ড এমডিএইচ প্ৰাইভেট লিমিটেড আৰু এভাৰেষ্ট ফুড প্ৰডাক্টছ প্ৰাইভেটৰ বিক্ৰী নিষিদ্ধ কৰে। ইয়াৰ পিছতহে ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক প্ৰাধিকৰণে (এফএছএছএআই) সুৰক্ষা পৰীক্ষা কৰিবলৈ বিভিন্ন চহৰত মচলাৰ নমুনা সংগ্ৰহ কৰা আৰম্ভ কৰিছিল আৰু শেহতীয়া প্ৰতিবেদন অনুসৰি, তেওঁলোকে যোৱা মাহত ১১১ বিধ মচলা উৎপাদকৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছে আৰু তেওঁলোকক তৎক্ষণাৎ উৎপাদন বন্ধ কৰিবলৈ নিৰ্দেশ দিছে। অভিযান এতিয়াও চলি আছে আৰু অধিক বাতিল হোৱাৰ সম্ভাৱনা আছে কিয়নো এফএছএছএআইয়ে দেশজুৰি ৪,০০০ নমুনা পৰীক্ষা অব্যাহত ৰাখিছে। এই নমুনাবোৰৰ ভিতৰত আছে এভাৰেষ্ট, এম.ডি.এইচ., কেচ, আৰু বাদশ্বাহৰ দৰে প্ৰসিদ্ধ ব্ৰেণ্ডৰ সামগ্ৰী। খবৰ অনুসৰি, নিয়ামক সংস্থাটোৱে ২,২০০ টা নমুনা পৰীক্ষা কৰিছে; সেইবোৰৰ ভিতৰত, ১১১টা মচলা উৎপাদকে সামগ্ৰীৰ মৌলিক মানদণ্ডৰ সৈতে মিলাব নোৱাৰিলে। এনে মচলা উৎপাদকসকলৰ অনুজ্ঞাপত্ৰ ইতিমধ্যে তাৎক্ষণিক প্ৰভাৱৰ সৈতে বাতিল কৰা হৈছে আৰু উৎপাদন বন্ধ কৰা হৈছে।