দেশত বন্ধ হ’ব প্লাষ্টিক: নৰেন্দ্ৰ মোদী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে one ocean summit ত ভাৰ্চুৱেলী অংশগ্ৰহণ কৰে। এই সন্মিলনত অংশগ্ৰহণ কৰি তেওঁ কয় যে ভাৰতে এবাৰ ব্যৱহাৰ কৰা প্লাষ্টিক শেষ কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।ভাৰতত ইতিমধ্যে ৩ লাখ যুৱক-যুৱতীয়ে ১৩ টন পেলনীয়া প্লাষ্টিক জমা কৰিছে।লগতে তেওঁ কয় যে ভাৰতে ইতিমধ্যে উপকূলীয় অঞ্চলৰ পৰা প্লাষ্টিক অথবা অন্যান্য জাবৰ ছাফ কৰাৰ বাবে ৰাষ্ট্ৰীয় অভিযান চলাইছে।

মোদীয়ে কয় যে আমি নৌসেমা সকলক সাগৰৰ পৰা পেলনীয়া প্লাষ্টিক ছাফ কৰিবলৈ বিশেষ নিৰ্দেশ দিছো।তেওঁ সন্মিলনত কয় যে একক ব্যৱহাৰ প্লাষ্টিকৰ বিৰুদ্ধে বিশ্বব্যাপী পদক্ষেপ গ্ৰহণ কৰাৰ বাবে ফ্ৰান্সৰ সৈতে যোগদান কৰিবলৈ ভাৰত সুখী হব।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *