দেশত জাল নোটকলৈ ৰুজু হোৱা গোচৰৰ তালিকাৰ শীৰ্ষত পশ্চিম বংগ, দ্বিতীয়ত অসম

বিমুদ্ৰাকৰণৰ পিছতো দেশত অধিক মাত্ৰাত জাল নোটৰ প্ৰচলন অব্যাহত আছে। এটা বছৰতে দেশত ২০ কোটি টকাৰ জাল নোট জব্দ কৰা হৈছে। যি তিনি লাখতকৈ অধিক জাল নোটৰ দ্বাৰা দেশত ইয়াক প্ৰচলন কৰা হৈছিল। ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰো (এনচিআৰবি) ২০২১-ৰ প্ৰতিবেদন অনুসৰি যোৱা বছৰ ২০ কোটি টকাৰ অধিক মূল্যৰ জাল নোট জব্দ কৰা হৈছে। জব্দ কৰা জাল নোটৰ সৰহ সংখ্যক ২০০০ টকাৰ নোট বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে। যিটো মুঠ মূল্যৰ প্ৰায় ৬০ শতাংশ। জাল নোটৰ ক্ষেত্ৰত পশ্চিম বংগ আৰু অসমত সৰ্বাধিক সংখ্যক গোচৰ ৰুজু কৰা হৈছে। যদিও মূল্যৰ আধাৰত, তামিলনাডু আৰু কেৰালাত সৰ্বাধিক সংখ্যক জাল নোট জব্দ কৰা হৈছে। প্ৰতিবেদন অনুসৰি, ২০০০ টকা নকল নোটৰ বাবে আটাইতকৈ সহজ উপায় হৈ পৰিছে। জব্দ কৰা মুঠ ৩,১০,০৮০ টা নকল নোটৰ ভিতৰত ২০০০ টকাৰ ৬০৯১৫ টা নোট জব্দ কৰা হৈছে। মূল্য ১২,১৮,৩০,০০০ কোটি টকা। আনহাতে জব্দ কৰা নোটৰ মুঠ মূল্য হৈছে ২০,৩৯,২৯,২৬০ কোটি টকা। ইয়াৰ পিছতে বজাৰত নিষিদ্ধ হোৱা ১০০০ টকাৰ নোট, ৫০০ টকাৰ নোট, ২০০ টকাৰ নোট, ১০০ টকাৰ নোট, ৫০ টকাৰ নোট, ২০ আৰু ১০ টকাৰ নোটৰ নকল নোট বজাৰত প্ৰচলন হৈ আছে। তামিলনাডুত ২০২১ত ৫ কোটি টকাৰ ২০০০ টকীয়া জাল নোট জব্দ কৰা হয়। আনহাতে,  কেৰেলাত ১.৮১ কোটি, অন্ধ্ৰ প্ৰদেশত ১ কোটি আৰু মহাৰাষ্ট্ৰত ৮৩.৩০ লাখ টকাৰ ২০০০ টকীয়া জাল নোট জব্দ কৰা হয়।  যদি মূল্যৰ আধাৰত জাল নোটৰ ওপৰত দৃষ্টি দিয়া হয় তেন্তে ২০২০ চনত ৯২.১৭ কোটি টকাৰ জাল নোট জব্দ কৰা হৈছিল। যদি জাল নোটৰ ক্ষেত্ৰত পঞ্জীয়ন কৰা গোচৰবোৰত দৃষ্টি দিয়া তেন্তে এই ক্ষেত্ৰত পশ্চিম বংগ আৰু অসমত সৰ্বাধিক সংখ্যক গোচৰ ৰুজু কৰা হৈছে। প্ৰতিবেদন অনুসৰি, ২০২১ চনত সমগ্ৰ দেশত ৬৮৮ টা অপৰাধমূলক গোচৰ ৰুজু কৰা হৈছে। পশ্চিম বংগত সৰ্বাধিক ৮২ টা গোচৰ ৰুজু কৰা হৈছে। ইয়াৰ পিছত, অসমত ৭৫ টা গোচৰ ৰুজু কৰা হৈছে। পশ্চিম বংগ আৰু অসমত সৰ্বাধিক সংখ্যক জাল নোট উপলব্ধ হোৱাৰ এটা মুখ্য কাৰণ হৈছে নেপাল আৰু বাংলাদেশৰ সীমাৱৰ্তী ৰাজ্য। যাৰ ফলত এই ৰাজ্যসমূহত সৰ্বাধিক সংখ্যক এনে ঘটনা সংঘটিত হৈছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *