ডিজিটেল ডেস্কঃ সমগ্ৰ দেশতে এন আই এৰ অনুসন্ধান অভিযান আৰম্ভ কৰিছে। ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই দক্ষিণৰ তিনিখন ৰাজ্য – তামিলনাডু, কেৰালা আৰু কৰ্ণাটকৰ ৬০টাতকৈও অধিক স্থানত তালাচী চলাইছে। এই অনুসন্ধানৰ উদ্দেশ্য হৈছে আইছিছ উগ্ৰপন্থী সংগঠনটোৰ সমৰ্থকক বিচাৰি উলিওৱা। যোৱা বছৰ কইম্বটুৰ আৰু মাংগালুৰুত সংঘটিত বিস্ফোৰণৰ আঁৰত আইছিছৰ সন্দেহ কৰা হৈছে। আৰু সেই ভিত্তিতে NIA এ নতুন অনুসন্ধান আৰম্ভ কৰিছে।
উল্লেখ্য যে, আইছিছে বিভিন্ন ভিডিঅ’ বিয়পাই ঘৃণা আৰু বিদ্বেষ বিয়পাবলৈ চেষ্টা কৰিছে। যাৰ বাবে অনুসন্ধানকাৰী সংস্থাটোৱে সমগ্ৰ বিষয়টো চোৱাচিতা কৰি বিষয়টোৰ মূললৈ যাবলৈ চেষ্টা কৰিছে। আৰু সেইবাবেই বুধবাৰে পুৱাৰে পৰা তামিলনাডুত অনুসন্ধান আৰম্ভ হয়। পৰৱৰ্তী সময়ত কেৰেলা আৰু কৰ্ণাটকৰ কেইবাটাও স্থানত অনুসন্ধান অভিযান চলাইছিল।
প্ৰসংগক্ৰমে ২০২২ চনৰ ২৩ অক্টোবৰত তামিলনাডুৰ কইম্বটুৰত এখন গাড়ী বিস্ফোৰণ ঘটিছিল। সেই ঘটনাৰ আধাৰত NIA-এ ৰাজ্যৰ ৪৩টা স্থানত তালাচী চলায়। ইফালে, ১৯ নৱেম্বৰত মাংগালুৰুতো এখন অট’ত চিলিণ্ডাৰ বিস্ফোৰণৰ ঘটনাৰ তদন্ত আৰম্ভ হৈছে৷ মুঠতে ইতিমধ্যে ৬০টাতকৈও অধিক স্থানত সন্ধান কৰা হৈছে।
মন কৰিবলগীয়া যে কৰ্ণাটকৰ মাংগালুৰুত সংঘটিত হোৱা বিস্ফোৰণত আহত হৈছিল মূল অভিযুক্ত মহম্মদ শৰিক। ২৪ বছৰীয়া যুৱকজনৰ বাসস্থানত এন আই এয়ে তালাচী চলাই কিছু ভিডিঅ’ উদ্ধাৰ কৰে। জনা যায় যে তেওঁলোকৰ জৰিয়তে যুৱক-যুৱতীসকলৰ মগজু ধোৱা হৈছিল। কৰ্ণাটকৰ বনাঞ্চলৰ ভিতৰত আইছিছে শিবিৰ নিৰ্মাণৰ পৰিকল্পনা কৰিছিল বুলিও জনা যায়। ইয়াৰ পিছত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাটো তৎপৰ হৈ পৰে। আইছিছৰ সমৰ্থক আৰু সদস্যক বিচাৰি বুধবাৰে অনুসন্ধান আৰম্ভ কৰা হয়।