দুলীয়াজানত প্ৰায় ডেৰশ কেজি গো-মাংসসহ দুজনক আটক

সোমবাৰে দুলীয়াজানৰ সমীপৱৰ্তী ভাদৈ পাচালি অঞ্চলত এখন বাহনৰ পৰা প্ৰায় ১৫০ কিলোগ্ৰাম গো মাংস জব্দ কৰিবলৈ সক্ষম হয় অসম আৰক্ষীয়ে।

আৰক্ষীয়ে গো মাংস সৰবৰাহৰ অভিযোগত দুজন লোককো আটক কৰে। ধৃত লোক দুজন দুলীয়াজানৰ মছজিদ পেট্টি অঞ্চলৰ জিয়াউদ্দিন আহমেদ আৰু হাবিবুৰ ৰহমান বুলি চিনাক্ত কৰা হৈছে।

দেওবাৰে নিশা আৰক্ষীৰ সক্ৰিয় সূত্ৰৰ পৰা পোৱা গোপন খবৰৰ পিছতে জব্দ কৰে গো মাংসখিনি।

প্ৰাথমিক তথ্য অনুসৰি, আৰক্ষীয়ে অভিযান চলাই মাৰ্ঘেৰিটাৰ পৰা দুলীয়াজান অভিমুখে আহি থকা এএছ ০৬এম ০১১৬ নম্বৰৰ এখন চাৰিচকীয়া বাহনত তালাচী চলায়।

ঘটনা সন্দৰ্ভত দুলীয়াজান থানাত দুয়োজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে আৰু অভিযুক্ত দুজনৰ জেৰা অব্যাহত আছে।

উল্লেখ কৰিব পাৰি যে ২০২১ চনত অসম বিধানসভাই, ৰাজ্যত সকলো গৰু-ম’হৰ পৰিবহণ, আৰু বধ, আৰু গো-মাংস আৰু গো-মাংসৰ সামগ্ৰীৰ বিক্ৰী নিয়ন্ত্ৰণৰ বিতৰ্কিত আইন প্ৰণয়ন কৰিছিল।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *