দীপৰ বিল সুৰক্ষা মঞ্চৰ উদ্যোগত দেউছটালৰ নৱজ্যোতি সংঘৰ খেলপথাৰত গছপুলি ৰোপণ

প্ৰকৃতিৰ ৰম্যভূমি  দীপৰ বিলৰ স্বাভাৱিক জৈৱ বৈচিত্ৰ্য ৰক্ষাৰ বাবে নতুনকৈ গঠন হোৱা  দীপৰ বিল সুৰক্ষা মঞ্চই ছাত্ৰ – ছাত্রীকে ধৰি সাধাৰণ ৰাইজৰ মাজত পৰিবেশ সচেতনা সৃষ্টিৰ বাবে ব্যাপক গছপুলি ৰোপণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে । ইয়াৰ অংশহিচাপে দীপৰ বিলৰ কাষৰীয়া  দেউছটালৰ নৱজ্যোতি সংঘ খেলপথাৰত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৩৪ সংখ্যক বহাগী উৎসৱৰ লগত সংগতি ৰাখি  খেলপথাৰত আজি গছপুলি ৰোপন কৰা হয় ।  এটি  মহানিমৰ  পুলি ৰোপন কৰি গছপুলি ৰোপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে দেউছটালৰ চৰকাৰী গাওঁবুঢ়া নন্দৰাম  ফাংছৱে ।  এই উপলক্ষে অনুষ্ঠিত চমু  অনুষ্ঠানত  নবজ্যোতি  সংঘৰ সভাপতি আৰু  বহাগী উৎসৱ উদযাপন কমিটিৰ কাৰ্যকৰী সভাপতি বলেশ্বৰ ৰংপী ,   উদযাপন কমিটিৰ সভাপতি কেষ্টৰাম ৰংপী , উপ সভাপতি অশোক থাপা ,  চকৰদৌ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দ্বীপেন ৰংপী , সমাজকর্মী বিনন ৰংপীকে ধৰি কেবাজনো বিশিষ্ট লোক , দীপৰ বিল সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক প্ৰমোদ কলিতা ,  সহকাৰী সম্পাদক   সুশীল টেৰণ , ভনিতা বড়ো টেৰণকে ধৰি  মঞ্চৰ কেবাজনো  কৰ্মকৰ্তা উপস্থিত থাকে । আনহাতে  আজি  খেলপথাৰ চৌহদত মহানিম ,  শেৱালি ফুল , জাম , অগৰু আৰু বকুলৰ   ২০ টা  পুলি ৰোপন কৰি গৰু ছাগলীয়ে খাব নোৱাৰাকৈ চাৰিওফালে বেৰ দিয়া হয় । মঞ্চৰ সাধাৰণ সম্পাদক প্ৰমোদ কলিতা আৰু সহকাৰী সম্পাদক সুশীল টেৰণে অনাগত দিনতো দীপৰ বিলৰ কাষৰীয়া অঞ্চলত  নিমন্ত্রিত  ৰাজহুৱা  অনুষ্ঠানত  গছপুলি ৰোপণৰ কাৰ্যসূচী চলি থাকিব । মঞ্চ গঠন হোৱাৰ মাত্ৰ এটা সপ্তাহৰ ভিতৰতে  যোৱা ১১  মে’ৰ দিনা মইনাখোৰোংস্থিত পদ্মৰাম ভৰালী খেলপথাৰত ইয়ং গ্ৰীণ ক্লাৱৰ উদ্যোগত অনুষ্ঠিত বহাগী উৎসৱৰ কাৰ্যসূচীত পুৱা পতাকা উত্তোলনৰ পাছতে গছপুলি ৰোপন কৰা হয় ।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *