দীপৰ বিলৰ পাৰত বনভোজথলী উদ্বোধন

প্ৰতি বছৰৰ দৰে এইবেলিও শীতকাল আৰম্ভ হোৱাৰ লগে লগে ৰাজ্যৰ আন বনভোজথলীৰ দৰে গুৱাহাটীৰ গাতে লগা দীপৰ বিললৈও বনভোজ খাবলৈ অহা লোকক আদৰিবলৈ সাজু হৈছে বিলৰ কাষৰীয়া অগ্ৰণী সামাজিক সাংস্কৃতিক আৰু ক্ৰীড়া সংগঠন দেউচতাল নৱজ্যোতি সংঘ ।এই উপলক্ষে ৮ ডিচেম্বৰত দীপৰ বিলৰ দাঁতিৰ ঐতিহাসিক শ্ৰী শ্ৰী ভাঙাৰা গোঁসাই থানৰ দাঁতিত থকা বনভোজথলীটো উদ্বোধন কৰা হয় । সংঘৰ কৰ্মকর্তা আৰু স্থানীয় বহুসংখ্যক লোকৰ উপস্থিতিত বনভোজথলী মুকলি কৰে মিকিৰপাৰা , চকৰদৌ , পামহী আৰু গোগ তালুকৰ সভাপতি , বিশিষ্ট সমাজকর্মী কেষ্টৰাম ৰংপীয়ে । এই উপলক্ষে সংঘৰ সভাপতি বলেশ্বৰ ৰংপীয়ে আঁত ধৰা চমু অনুষ্ঠানত কেষ্টৰাম ৰংপীয়ে প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ দীপৰ বিলৰ পাৰৰ বনভোজথলীত সকলো লোকে নীতি নিয়ম মানি বনভোজ খোৱাৰ লগতে প্ৰকৃতিৰ সৈতে একাত্ম হব বুলি আশা ব্যক্ত কৰে । অনুষ্ঠানত খিলঞ্জীয়া ভূমি অধিকাৰ , সমিতি , অসমৰ সভাপতি ৰমেশ মালী , সংঘৰ উপ সভাপতি অশোক থাপ্পা , সম্পাদক বিজয় বড়ো, কৰ্মকর্তা ক্ৰমে গণেশ লিম্বু , টেক বাহাদুৰ লিম্বু , সঞ্জীৱ থাপ্পা , ললিতা লিম্বু , নমিতা থাপ্পা , বিনীতা থাপ্পা , কল্পনা থাপ্পাকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে । উল্লেখযোগ্য বনভোজথলীত সংঘৰ ফালৰ পৰা সকলো দলকে বিশুদ্ধ খোৱাপানী , বাহন ৰখাৰ বাবে পাকিং ব্যৱস্থা , প্ৰস্ৰাৱগাৰ আদিৰ সা-সুবিধা উপলব্ধ কৰা হব । সমান্তৰালভাৱে চাফ চিকুণৰ ব্যৱস্থা কৰা হৈছে । ইয়াৰ বাবে বনভোজ দল সমূহৰ পৰা ৰচিডৰ বিনিময়ত সামান্য মাচুল হিচাপে সংগ্ৰহ কৰা হব ।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *