দিশপুৰ কলেজৰ বাণিজ্য বিভাগ আৰু কেৰিয়াৰ কাউনছিল এণ্ড এৱাৰনেচ কোষৰ সহযোগত ইন্সটিটিউত অব কোম্পানী চেক্ৰেটাৰী দ্বাৰা কেৰিয়াৰ কাউনছিলৰ সজাগতা অনুষ্ঠিত কৰা হয় ।শতাধিক ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত অনুষ্ঠিত সজাগতা অনুষ্ঠান বাণিজ্য বিভাগৰ প্ৰতিষ্ঠাপক অধ্যাপক ড: জ্যোতিষ গোস্বামীয়ে কয় যে বৰ্তমান গোলকীকৰণৰ তথা প্ৰতিযোগিতামূলক জগতত শৈক্ষিক পৰিবেশ উত্তৰণৰ দিশত সজাগতা অনুষ্ঠানৰ জৰিয়তে বিভিন্ন দিশ সাঙুৰি লৈ ছাত্ৰ-ছাত্ৰীয়ে নিষ্ঠাৰে কঠোৰ পৰিশ্ৰমী হব লাগিব । সমল ব্যক্তি কোম্পানী চেক্ৰেটাৰী ড: মোহিত শ্ব জনোৱা মতে বৰ্তমান পৰিস্থিতিত কোম্পানী চেক্ৰেটাৰী পাঠ্যক্ৰম অধ্যয়ন কৰি কৰ্পোৰেটত নিশ্চিত নিয়োগ সুবিধা প্ৰাপ্তি একমাত্ৰ পাঠ্যক্ৰম বুলি কয় । চৰকাৰী বেচৰকাৰী কোম্পানী তথা চৰকাৰী খণ্ডত কোম্পানী চেক্ৰেটাৰী হিচাপে সংস্থাপন কৰিবলৈ সুচল হেতুকে এই পাঠ্যক্ৰমত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীৰ জীৱন শৈলী তথা বৰ্তমান সময়ত প্ৰায় পাঁচ হাজাৰো অধিক কোম্পানী সচিব পদ উপযুক্ত প্ৰাৰ্থীৰ অভাবত খালী হৈ আছে । নিশ্চিত নিয়োগ সুব্যৱস্থা থকা কোম্পানী চেক্ৰেটাৰী পাঠ্যক্ৰম অধ্যয়ন কৰি কৰ্পোৰেট ক্ষেত্ৰত নিজক নিয়োজিত হবলৈ আহ্বান জনাই। আজি অনুষ্ঠিত কেৰিয়াৰ সজাগতা দিছপুৰ কলেজৰ আভ্যন্তৰীণ মূল্যাংকন নিৰূপক কোষৰ সমন্বয়ক ডঃ অজয় মিত্ৰ , বাণিজ্য বিভাগৰ সহকাৰী অধ্যাপক ক্ৰমে ড: অজয় কুমাৰ ডেকা, ডঃ কুমুদ চন্দ্ৰ নাথ, ডঃ সঞ্জীৱ কুমাৰ শৰ্মা, কুলধৰ পাটোৱাৰী ,অঙ্কিতা শৰ্মা উপস্থিত থাকি ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক তথা কেৰিয়াৰ কাউনছিল প্ৰগ্ৰেমৰ প্ৰয়োজনীয়তা উপলব্ধি কৰিবলৈ আহ্বান জনাই আৰু নিজকে প্ৰতিষ্ঠা কৰিবলৈ এই ধৰণৰ সজাগতা কাৰ্যসূচী অংশগ্ৰহণ কৰা ভবিষ্যতে আগবাঢ়ি আহিবলৈ আহ্বান জনায় ।
দিশপুৰ কলেজত কেৰিয়াৰ কাউনছিল প্ৰগ্ৰেম
