দিল্লীৰ বতাহত মাৰাত্মক বিহ! ৫০ শতাংশ কৰ্মচাৰীক ঘৰৰ পৰাই কাম কৰিবলৈ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

দিল্লীত প্ৰদূষণৰ মাত্ৰা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। ‘চৰম’ স্তৰত উপনীত হৈছে বায়ুৰ গুণাগুণ সূচকাংক। এনে পৰিস্থিতিত কেন্দ্ৰই GRAP (Graded Response Action Plan)ৰ চতুৰ্থ পৰ্যায়ত উল্লেখ কৰা ব্যৱস্থাসমূহ দিল্লী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহত প্ৰদূষণ ৰোধৰ বাবে কাৰ্যকৰী কৰাৰ নিৰ্দেশ দিয়ে। কেন্দ্ৰই চৰকাৰ আৰু ব্যক্তিগত কাৰ্যালয়ক নিৰ্দেশ দিছে, এতিয়াৰ পৰা ৫০ শতাংশ কৰ্মচাৰীয়ে কাৰ্যালয়ত বহি কাম কৰিব। বাকী ৫০ শতাংশই ঘৰৰ পৰাই কাম কৰিব।

কেন্দ্ৰৰ বায়ু গুণাগুণ ব্যৱস্থাপনা আয়োগে প্ৰদূষণ ৰোধৰ বাবে কিছু ব্যৱস্থাৰ খচৰা প্ৰস্তুত কৰিছে। সেইটোক গ্ৰেডেড ৰেচপন্স একচন প্লেন বোলা হয়। যদি AQI ৪৫০ তকৈ অধিক হয়, তেন্তে প্ৰদূষণৰ মাত্ৰা ‘অতি গুৰুতৰ’ বুলি ধৰা হয়। সেই সময়ত GARP ৰ চতুৰ্থ পৰ্যায় মানি চলিবলৈ পদক্ষেপ লোৱা হৈছে। দিল্লীতো একেধৰণৰ পদক্ষেপ লোৱাৰ নিৰ্দেশ কেন্দ্ৰই।

প্রদূষণ বিৰোধী জি আৰ পি এৰ প্রথম, দ্বিতীয় আৰু তৃতীয় পর্যায়ত ল’বলগীয়া সকলো প্রয়োজনীয় পদক্ষেপ দিল্লীতো গ্রহণ কৰিব লাগে৷ দিল্লীৰ কেজৰিৱাল চৰকাৰৰ বৈঠকত সোমবাৰে প্ৰদূষণ ৰোধৰ বাবে আৰু কি পদক্ষেপ ল’ব পাৰি সেই বিষয়ে আলোচনা কৰা হৈছে।

GRAP ৰ চতুৰ্থ পৰ্যায়ত আঠটা পদক্ষেপৰ ৰূপৰেখা দাঙি ধৰা হৈছে। এই পৰিকল্পনা অনুসৰি এল এন জি বা চি এন জি চালিত নহ’লে কোনো ট্ৰাকে দিল্লীত প্ৰৱেশ নকৰে। ডিজেল চালিত মজলীয়া আকাৰৰ বাহন আৰু গধুৰ সামগ্ৰীৰ বাহনকো প্ৰৱেশৰ অনুমতি দিয়া নহ’ব। অৱশ্যে জৰুৰীকালীন সেৱাৰ ট্ৰাক আৰু চাৰিচকীয়া বাহনৰ ওপৰত কোনো নিষেধাজ্ঞা নাই। এই পৰিকল্পনা অনুসৰি প্ৰশাসনে ইচ্ছা কৰিলে দিল্লীত পঞ্চম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ বাবে অনলাইন ক্লাছৰ অৰ্ডাৰ দিব পাৰে। আনকি একাদশ শ্ৰেণীলৈকে শ্ৰেণীসমূহ অনলাইনযোগে অনুষ্ঠিত কৰিব পাৰিব। ইতিমধ্যে দিল্লী চৰকাৰে ৰাজধানী চহৰখনৰ প্ৰাথমিক বিদ্যালয়সমূহ অহা ১০ নৱেম্বৰলৈ বন্ধ কৰাৰ নিৰ্দেশ দিছে।

চতুৰ্থ পৰ্যায়ৰ পৰিকল্পনা অনুসৰি ৰাজ্য চৰকাৰে নিজৰ কৰ্মচাৰীসকলক ঘৰৰ পৰাই কাম কৰিবলৈ নিৰ্দেশ দিব পাৰে। GRAP-এ মহাবিদ্যালয়, উচ্চ শিক্ষানুষ্ঠান বন্ধ কৰাৰ নিৰ্দেশ দিব পাৰে। ইভেন-অড নম্বৰ প্লেটৰ ভিত্তিত পথত গাড়ী চলোৱাৰ নিৰ্দেশ দিব পাৰে। অৰ্থাৎ নম্বৰ প্লেটৰ গাড়ীও এদিন চলিব। পিছদিনা হ’ব ইয়াৰ বিপৰীত। আন ৰাজ্যৰ পৰা জৰুৰীকালীন সেৱা কঢ়িয়াই অনা ট্ৰাকহে দিল্লীত প্ৰৱেশ কৰিব পাৰিব।

কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ তথ্য অনুসৰি দেওবাৰে পুৱা দিল্লীৰ বায়ুৰ গুণাগুণ আছিল ৪৬০। ৰাজধানীখন ঘন ধোঁৱাই আৱৰি ধৰিছে। চিপিচিবিৰ তথ্য অনুসৰি দেওবাৰে অয়নগৰৰ একিউ ৪৬৪ত উপনীত হয়। দ্বাৰকা ছেক্টৰ ৮ত ৪৮৬, জাহাংগীৰপুৰীত ৪৬৩ আৰু ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ টাৰ্মিনেল ৩ত একুই ৪৮০।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *