সোমবাৰে দিল্লীৰ ৰাউছ এভিনিউ আদালতে দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াক পাঁচদিনীয়া চিবিআইৰ জিম্মালৈ প্ৰেৰণ কৰে।
দিল্লীৰ সুৰা নীতিৰ গোচৰত দেওবাৰে তেওঁক গ্ৰেপ্তাৰ কৰা হয়।
চিবিআইয়ে আদালতত কয় যে ”অতি পৰিকল্পিত আৰু গোপন পদ্ধতিৰে ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল।
ইফালে ছিচ’দিয়াৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদৰ সময়ত অৰ্ধসামৰিক বাহিনীৰ সৈতে সংঘৰ্ষৰ ফলত আপৰ কেইবাজনো কৰ্মীক আটক কৰা হৈছে।
বিজেপিয়ে তদন্তকাৰী সংস্থাৰ ক্ষমতাৰ অপপ্ৰয়োগ কৰি দিল্লীৰ উপ মুখ্যমন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে আম আদমী পাৰ্টীয়ে।